• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কংগ্ৰেছৰ সৈতে জড়িত পৰিয়াল; ৰাহুলৰ গোচৰৰ পৰা আঁতৰিব বিচাৰিছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 21, 2023 6:55 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে নিৰপেক্ষতা আৰু স্বচ্ছতাৰ এক সুকীয়া নিদৰ্শনৰ সাক্ষী হৈ ৰ’ল উচ্চতম ন্যায়ালয়। আজি আছিল ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বৰ বিচাৰপীঠত ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই তৰা গোচৰৰ শুনানি। নিজে নহ’লেও তেওঁৰ পৰিয়ালটো দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছে। গতিকে ন্যায়াধীশ গাভাইয়ে ৰাহুলৰ গোচৰৰ পৰা নিজকে আঁতৰাই আনিব বিচাৰিলে।

শুনানিৰ আৰম্ভণিতে ন্যায়াধীশ গাভাইয়ে আদালতত কয় যে তেওঁৰ পৰিয়ালটো কংগ্ৰেছৰ সৈতে জড়িত। দুয়োপক্ষৰ অধিবক্তাৰ পৰা তেওঁ জানিব বিচাৰে, তেওঁলোকে এতিয়াও বিচাৰেনে যে তেওঁ এই গোচৰৰ শুনানি গ্ৰহণ কৰক?

লগতে পঢ়ক: মণিপুৰ কাণ্ডত নতুন বিতৰ্ক! বিবস্ত্ৰা কৰি মহিলা দুগৰাকীক খোজ কঢ়োৱাৰ কথা আগতেই জানিছিল ৰাষ্ট্ৰীয় মহিলা আয়োগে

Apply Now

তেওঁৰ বক্তৱ্য শেষ হোৱাৰ পিছতে ৰাহুল গান্ধীৰ অধিবক্তা অভিষেক মনু সিংভী আৰু পূৰ্ণেশ মোডীৰ অধিবক্তা মহেশ জেঠমালানী দুয়োজনে কয় যে তেওঁলোকৰ কোনো আপত্তি নাই। নিৰপেক্ষতা আৰু স্বচ্ছতাৰ স্বাৰ্থত ন্যায়াধীশ গাভাইয়ে পূৰ্বেই যিধৰণে কংগ্ৰেছৰ সৈতে পৰিয়ালৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰিলে, সেইটোৱে নেটজগতৰ লগতে সকলোৰে প্ৰশংসা লাভ কৰিছে।

ন্যায়াধীশ বি আৰ গাভাইয়ে ঠিক কি কৈছিল? তেওঁৰ ভাষাত, “শুনানিৰ পূৰ্বে মই এটা কথা স্পষ্ট কৰিব বিচাৰিছো, যদিও সদস্য নহয়, মোৰ দেউতা বহুদিন কংগ্ৰেছৰ সৈতে জড়িত আছিল। সিংভী ডাঙৰীয়া, আপুনিও ভালদৰেই জানে, চল্লিশ বছৰতকৈও অধিক সময় কংগ্ৰেছৰ সৈতে জড়িত হৈ থকাৰ বাবে, মোৰ ভাইটি নিজেই কংগ্ৰেছৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। মই বিচাৰো যে শুনানিৰ পূৰ্বে আপোনালোকে নিজৰ মাজতে আলোচনা কৰক আৰু মোক কওক যে মই এই গোচৰটো আচলতে শুনা উচিত নে নাই।’’

লগতে পঢ়ক: ইছৰোৱে দিছে খবৰ! সহজেই কক্ষপথ সলনি কৰি চন্দ্ৰৰ ওচৰলৈ গতি কৰিছে চন্দ্ৰযান-৩

দুয়োগৰাকী অধিবক্তাই কয় যে তেওঁলোকৰ কোনো আপত্তি নাই। তাৰ পাছত ন্যায়াধীশগৰাকীয়ে কয়, ‘’কংগ্ৰেছৰ সৈতে মোৰ পৰিয়ালৰ সম্পৰ্কৰ বিষয়ে সকলোৱে জনা উচিত বুলি মই ভাবো। ভৱিষ্যতে এই বিষয়ে কোনো আলোচনা হোৱাটো নিবিচাৰো। আমি সকলোৱে জানো মোৰ দেউতা, সিংভীজী আপোনাৰ পিতৃ আৰু মহেশ জেঠমালানীৰ পিতৃ – তিনিওজনেই একেলগে সংসদত আছিল। তিনিওজন বৰ ভাল বন্ধু আছিল। এসময়ত ৰাম জেঠমালানীৰ দৰে বিশিষ্ট অধিবক্তাৰ জুনিয়ৰ হিচাপে কাম কৰি মই অতিশয় সন্মানিত আৰু গৌৰৱান্বিত।”

শেহতীয়াকৈ বিভিন্ন গোচৰত ন্যায়পালিকা, ন্যায়াধীশ তথা ন্যায়াধীশৰ পক্ষপাতিত্বৰ অভিযোগ উত্থাপন হৈ আহিছে। কলকাতা উচ্চ ন্যায়ালয়ৰ বিভিন্ন ন্যায়াধীশ‘ৰ ‘ৰাজনৈতিকভাৱে প্ৰেৰিত’ পৰ্যবেক্ষণ,, চুৰাটৰ নিম্ন আদালত, ৰাহুল গান্ধীৰ সংসদ পদ বাতিলৰ ৰায় দিয়া গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, তেওঁলোকৰ সৈতে বিজেপিৰ সম্পৰ্ক, দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ ঐতিহাসিক ৰায়দানৰ পিছত ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ সাংসদ পদৰ মনোনয়ন আদিয়ে নিৰপেক্ষতাৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।

লগতে পঢ়ক: সাক্ষাৎকাৰৰ নামত হোটেললৈ মাতি আনি অভিনেত্ৰীক ধৰ্ষণ; আৰক্ষীক অভিযোগ ভুক্তভোগীৰ

এনে এক পৰিবেশৰ মাজতে ন্যায়াধীশ বি আৰ গাভাইৰ উক্ত ভূমিকাক দেশ তথা সমাজৰ চুকে-কোণে শলাগিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd