NORTHEAST NOW (Assamese)
Popular Stories

উচ্চ বৰ্ণৰ যুৱতীৰে সম্পৰ্ক থকাৰ সন্দেহ : দলিত যুৱকক বৰ্বৰভাৱে আক্ৰমণ; ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 2, 2021 8:53 pm
arrest-generic_650x400_71463458726

উচ্চ বৰ্ণৰ যুৱতীৰে সম্পৰ্ক থকাৰ সন্দেহত এগৰাকী ২২ বছৰীয়া দলিত যুৱকক বৰ্বৰভাৱে আক্ৰমণ কৰিছে উচ্চ বৰ্ণৰ লোকে।

এই অমানৱীয় কাণ্ডটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ টিক’নীয়া নামৰ ঠাইত।

শুকুৰবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি উচ্চ বৰ্ণৰ চাৰিগৰাকী লোকে উচ্চ বৰ্ণৰে এগৰাকী যুৱতীৰে প্ৰেমৰ সম্পৰ্ক থকাৰ সন্দেহত দলিত যুৱকগৰাকীক বৰ্বৰভাৱে আক্ৰমণ কৰে।

ইতিমধ্যে পীড়িত দলিত যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

টিক’নীয়া আৰক্ষী বিষয়া জ্ঞান প্ৰকাশ তিৱাৰীয়ে প্ৰকাশ কৰা অনুসৰি পীড়িত দলিত যুৱকগৰাকীৰ ভাতৃৰ অভিযোগৰ ভিত্তিত চাৰি অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

“পীড়িতৰ ভাতৃৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৩, ৫০৬ আৰু এছচি/এছটি(প্ৰিভেনশ্যন অৱ এট্ৰ’কিটিছ)ৰ অধীনত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।” আৰক্ষী বিষয়া তিৱাৰীয়ে কয়।

অভিযুক্ত কেইগৰাকী ব্ৰমহাদ্দীন আৰু তেওঁ তিনি পুত্ৰ ক্ৰমে ভৰত, গজৰাজ, আৰু ৰাজু বুলি জানিবলৈ দিছে আৰক্ষীয়ে।