NORTHEAST NOW (Assamese)

সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ; প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ

April 9, 2020 9:44 am · এন ই নাও নিউজ
অভিযুক্ত সাংবাদিকজন

এগৰাকী সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত চ’ছিয়েল মিডিয়াত আপত্তিজনক মন্তব্য প্ৰকাশ কৰাৰ অভিযোগত সাংবাদিকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

প্ৰশান্ত কানুজীয়া নামৰ দিল্লীৰ নিৱাসী সাংবাদিকজনৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ স্থানীয় বিজেপি নেতা শেখৰ সিঙে এই সন্দর্ভত আচিয়ানা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৫০০, ৫০১ আৰু ৫০৫(১)(বি)ৰ অধীনত সাংবাদিকজনৰ বিৰু্দ্ধে উত্তৰ প্ৰদেশ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

আৰক্ষীৰ সূত্ৰত প্ৰকাশ যে সাংবাদিক কান’জীয়াই প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক আৰু মৰ্যাদাহানিকৰ মন্তব্য কৰাৰ সন্দৰ্ভত তথ্য প্ৰমাণ সংগ্ৰহ কৰি থকা হৈছে।

উল্লেখ্য যে সাংবাদিকজনে ইয়াৰ পূৰ্বে ২০১৯ বৰ্ষৰ জুন মাহত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে চ’ছিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ বৰণ কৰিছিল।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ গ্ৰেপ্তাৰৰ চাৰিদিনৰ পিছতে সাংবাদিকজনক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল।

Related News