NORTHEAST NOW (Assamese)

৮ আৰু ১৩ অক্টোবৰত কঁপি উঠিব উজনিৰ ৰাজপথ : জনজাতিৰ মৰ্যাদা বিচাৰি বিশাল সমাৱেশৰ আয়োজন চাহ জনগোষ্ঠীৰ

September 30, 2025 5:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 30, 2025 4:25 pm

তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বৃহৎ গণ সমাৱেশৰ বাবে সাজু হৈছে উজনি অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকল।

কেইবাটাও দাবী যেনে – জনজাতিৰ মৰ্যাদা, ভূমিৰ অধিকাৰ আৰু শ্ৰম আইন অনুসৰি উপযুক্ত নূন্যতম মজুৰিৰ দাবীত এই সমাৱেশৰ আয়োজন কৰা হৈছে।

জানিব পৰা মতে, অহা ৮ অক্টোবৰত তিনিচুকীয়াত অনুষ্ঠিত হব এই গণ-সমাৱেশ। ১৩ অক্টোবৰত সমাৱেশ অনুষ্ঠিত হ’ব ডিব্ৰুগড় জিলাত।

এই প্ৰতিবাদী সমাৱেশত হাজাৰ হাজাৰ শ্ৰমিকে যোগদান কৰিব বুলি আশা কৰিছে চাহ জনগোষ্ঠীয় সংগঠন সমূহে। উক্ত সমাৱেশ অনুষ্ঠিত হোৱাৰ সময়ত সকলো চাহ বাগিছাৰ কাম বন্ধ থাকিব বুলিও তেওঁলোকে জানিবলৈ দিছে।

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা লাজাৰ নন্দই জানিবলৈ দিয়া মতে, তিনিচুকীয়া জিলাৰ আই টি আই খেলপথাৰত আৰু ডিব্ৰুগড় জিলাৰ মানকোটা চাহ বাগিচাৰ পূজা খেলপথাৰত এই সমাৱেশ দুখন অনুষ্ঠিত হব।

Related News