NORTHEAST NOW (Assamese)
অসম

শ্বুটিঙৰ সময়ত আহত অভিনেত্ৰী উৰ্বশী ৰাউটেলা! ততাতৈয়াকৈ ভৰ্তি কৰা হৈছে হাস্পাতালত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 10, 2024 11:28 am

ছবিৰ শ্বুটিঙৰ মাজতে বিপৰ্যয় ঘটিল অভিনেত্ৰী উৰ্বশী ৰাউটেলাৰ। সম্প্ৰতি  এখন তেলেগু ছবিৰ শ্বুটিঙৰ বাবে হায়দৰাবাদত আছে অভিনেত্ৰীগৰাকী। নন্দমুৰি বালকৃষ্ণৰ আগন্তুক ছবি এনবিকে ১০৯ (NBK109)ত তেওঁক দেখা যাব। সেই ছবিখনৰ শ্বুটিঙৰ সময়তে উৰ্বশী আহত হৈছে। ততাতৈয়াকৈ তেওঁক হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। এই ছবিখনত উৰ্বশীৰ সৈতে দেখা যাব ববি দেউলক।

ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ দলে এক বিবৃতি প্ৰকাশ কৰি জনাইছে যে  অভিনেত্ৰীগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আনকি কঁকালৰ হাড় ফাটিছে। বৰ্তমান তেওঁ হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে। তাতেই তেওঁ  চিকিৎসাধীন হৈ আছে।

জানিব পৰা গৈছে যে এটা গুৰুত্বপূৰ্ণ দৃশ্যৰ শ্বুটিং চলি থকা সময়তে  অভিনেত্ৰীগৰাকী আঘাতপ্ৰাপ্ত হৈ বিষত কাতৰ হৈ পৰে।

লগতে পঢ়কঃ গাখীৰৰ টেংকাৰত যাত্ৰীবাহী বাছৰ প্ৰচণ্ড খুন্দা; কমেও ১৮ জনৰ মৃত্যু, ৩০জন গুৰুতৰভাৱে আহত

কিছুদিন পূৰ্বে হায়দৰাবাদলৈ ৰাওনা হৈছিল উৰ্বশী। এনবিকে ১০৯ৰ তৃতীয় পৰ্যায়ৰ শ্বুটিং আৰম্ভ হৈছে। তেওঁৰ দলটোৱে অভিনেত্ৰীগৰাকীৰ এতিয়া কেনে অৱস্থা সেয়া জনালেও তেওঁৰ কোনো ছবি পোষ্ট কৰা নাই।

যোৱা বছৰৰ নৱেম্বৰৰ পৰা এই ছবিখনৰ শ্বুটিং আৰম্ভ কৰিছে অভিনেত্ৰীগৰাকীয়ে। ছবিখনৰ পৰিচালক ববি কোল্লি। ছবিখনৰ ৱৰ্কিং টাইটেল হৈছে NBK 109, এতিয়ালৈকে ছবিখনৰ চূড়ান্ত নাম আৰু মুক্তিৰ তাৰিখ প্ৰডাকচন কোম্পানীয়ে ঘোষণা কৰা নাই।

বিতৰ্কৰ আন এটা নাম হ’ল উৰ্বশী। কেতিয়াবা জন্মদিনত সোণৰ কেক কাটি বিতৰ্কত জড়িত হৈছিল, কেতিয়াবা সম্পৰ্কৰ বাবেই শিৰোনামলৈ আহিছিল। শেষবাৰৰ বাবে তেওঁক দেখা গৈছিল ‘JNU’ ছবিখনত। ছবিখনে বক্স অফিচত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰিলে।

লগতে পঢ়কঃ আজি সাতখন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ বাবে আৰম্ভ হৈছে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ

ইয়াৰ পিছত তেওঁ ঘোষণা কৰে যে তেওঁ নন্দমুৰী বালকৃষ্ণ অভিনীত আগন্তুক ছবিখনত অভিনয় কৰিব। এই ছবিখনত তাৰকা অভিনেতাৰ সমাহাৰ ঘটিছে। নন্দমুৰি বালকৃষ্ণৰ বাহিৰেও দুলকুৰ ছলমান, ববি দেওলো আছে। সেই ছবিখনৰ শ্বুটিঙৰ সময়ত অভিনেত্ৰীগৰাকী গুৰুতৰভাৱে আহত হৈছে।

এই ছবিখনৰ পিছত উৰ্বশীৰ তালিকাত আৰু দুখন ছবি আছে। পৰৱৰ্তী ছবিত সঞ্জয় দত্ত, ছানি দেউল, মিথুন চক্ৰৱৰ্তীৰ সৈতে অভিনয় কৰাৰ কথা আছে উৰ্বশীয়ে। ইন্সপেক্টৰ অবিনাশ ২ ত ৰনদীপ হুডাৰ সৈতেও তেওঁক দেখা যাব।