উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?
উত্তৰ প্ৰদেশৰ পৰা অবৈধভাৱে নেপালত প্ৰৱেশ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হৈছে এজন মাৰ্কিন নাগৰিক। জানিব পৰা গৈছে যে জৰ্ডান ব্ৰাউন নামৰ লোকজন কোনো পাছপ‘ৰ্ট নোহোৱাকৈয়ে যোৱা সাত মাহ ধৰি ভাৰতৰ বিভিন্ন স্থানত ঘূৰি ফুৰিছিল। আৰক্ষীৰ জেৰাত তেওঁ দিয়া ভাষ্যত বহুতো খেলিমেলি পোহৰলৈ আহিছে, যাৰ ফলত গ্ৰেপ্তাৰ হোৱা লোকজনৰ উদ্দেশ্যক লৈ ৰহস্য ঘনীভূত হৈছে।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি, মাৰ্কিন নাগৰিকগৰাকীয়ে নেপালত থকা এজন বন্ধুক লগ কৰিবলৈ যোৱা বুলি দাবী কৰিছে। কিন্তু তেওঁ সেই বন্ধুজনৰ নাম বা পৰিচয় আৰক্ষীক জনাব পৰা নাই। ইয়াৰ ফলত আৰক্ষীৰ সন্দেহ বৃদ্ধি পাইছে আৰু ইমান দিনে তেওঁ ভাৰতত কি কৰি আছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, গোৱাত থাকোঁতে এজন নেপালী নাগৰিকৰ সৈতে তেওঁৰ চিনাকি হৈছিল আৰু তেওঁক লগ কৰিবলৈয়ে তেওঁ সোণৌলীলৈ গৈ আছিল। কিন্তু আচৰিত কথা যে তেওঁ সেই ব্যক্তিজনৰ নাম, ঠিকনা বা কোনো তথ্য দিব পৰা নাই।
পাছপ‘ৰ্ট ক’ত আছে বুলি সোধাত তেওঁ বেংগালুৰুৰ এজন চিনাকি মানুহৰ ওচৰত থকা বুলি দাবী কৰিছে। কিন্তু সেই ব্যক্তিজনৰো সম্পূৰ্ণ পৰিচয় বা যোগাযোগৰ নম্বৰ তেওঁ দিব পৰা নাই। ইয়াৰ পিছতে আৰক্ষীৰ সন্দেহ অধিক গাঢ় হৈ পৰে। যোৱা কেইবামাহ ধৰি তেওঁ দেশৰ ক’ত ক’ত আছিল তাৰ তদন্ত চলাই থকা হৈছে। লগতে তেওঁৰ ডিজিটেল ফুটপ্ৰিন্ট অৰ্থাৎ ছ’চিয়েল মিডিয়াৰ প’ষ্ট, ৱেবচাইটৰ ব্যৱহাৰ আৰু বজাৰ কৰা আদি সকলো তথ্য পৰীক্ষা কৰা হৈছে। সীমান্তলৈ যোৱাত তেওঁক কোনোবাই সহায় কৰিছিল নেকি সেই বিষয়েও আৰক্ষীয়ে তদন্ত চলাই আছে।
গ্ৰেপ্তাৰ হোৱা ৩৬ বছৰীয়া মাৰ্কিন নাগৰিকগৰাকীয়ে নিজকে কেলিফৰ্নিয়াৰ বাসিন্দা আৰু প্ৰাক্তন নৌসেনা বিষয়া বুলি দাবী কৰিছে। তেওঁ থাইলেণ্ডৰ পৰা জলপথেৰে শ্ৰীলংকা পাইছিল আৰু তাৰ পৰা জাহাজেৰে গোৱালৈ আহিছিল বুলি জনাইছে। তেওঁৰ দাবী অনুসৰি যোৱা বছৰৰ ২ নৱেম্বৰত তেওঁ গোৱাত উপস্থিত হৈছিল। তাৰ পৰা বেংগালুৰু হৈ উত্তৰ প্ৰদেশৰ সোণৌলী সীমান্ত পায়হি। তেওঁৰ পৰৱৰ্তী লক্ষ্য আছিল নেপাল।
এই গ্ৰেপ্তাৰৰ ঘটনাই বহুতো লোকক কুখ্যাত মাৰ্কিন ভাড়াতীয়া সৈনিক মেথিউ ভেনডাইকৰ কথা মনত পেলাই দিছে। চলিত বৰ্ষৰ মাৰ্চ মাহত তেওঁক দমদম বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযোগ অনুসৰি তেওঁ আমেৰিকাৰ তথাকথিত ডিপ ষ্টেটৰ সৈতে জড়িত। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত এখন খ্ৰীষ্টান ৰাষ্ট্ৰ গঢ়ি তোলাৰ ভয়ংকৰ ষড়যন্ত্ৰত তেওঁ লিপ্ত আছিল। এই ভয়ংকৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছত মেথিউ বৰ্তমান তিহাৰ জেলত বন্দী হৈ আছে।