NORTHEAST NOW (Assamese)

মাৰ্কিন প্ৰতিৰক্ষা বিভাগৰ গোপনীয় তথ্য ফাদিল, কোন যুৱকে কৰিলে ফাদিল?

April 14, 2023 3:06 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 14, 2023 3:11 pm

আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেন্টাগনৰ পৰা গোপনীয় তথ্য ফাদিল হৈছে। পেণ্টাগণৰ অতি গোপনীয় তথ্য ফাদিল কৰাৰ অভিযোগত ইতিমেধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আমেৰিকাৰ এয়াৰ নেচনেল গাৰ্ডৰ এজন ২১ বছৰীয়া যুৱকক। জেক টেইচেইৰাৰ বিৰুদ্ধে অনলাইন গেম চেটৰুমত গোপনীয় ফাইল শ্বেয়াৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

যুৱকজনে ফাদিল কৰা চোৰাংচোৱাৰ প্ৰতিবেদনত ইউক্ৰেইনৰ যুদ্ধ আৰু মিত্ৰশক্তিৰ ওপৰত আমেৰিকাৰ চোৰাংচোৱাগিৰিৰ গোপনীয় তথ্য আছিল। টেইচেইৰাক মেছাচুচেটছৰ বাসগৃহৰ পৰা এফ বি আইএ গ্ৰেপ্তাৰ কৰে।

সংবাদ সংস্থা ৰয়টাৰৰ বাতৰি মতে শুকুৰবাৰে যুৱকজনক আদালতত হাজিৰ হোৱাৰ সম্ভাৱনা আছে।

যুৱকজন মেছাচুচেটছ এয়াৰ নেচনেল গাৰ্ডৰ চোৰাংচোৱা ইউনিটৰ সদস্য। চিবিএছ নিউজৰ মতে, ২০১৯ চনত তেওঁ এই সেৱাত যোগদান কৰে। তেওঁৰ অফিচিয়েল উপাধি হৈছে চাইবাৰ ট্ৰেন্সপ’ৰ্ট চিষ্টেম জাৰ্নিমেন আৰু তেওঁ এজন কনিষ্ঠ পৰ্যায়ৰ বিষয়া।

বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হোৱাৰ পিছত আমেৰিকাৰ এটৰ্নী জেনেৰেল মেৰিক গাৰ্লেণ্ডে কয় যে সন্দেহজনক যুৱকজনক সুৰক্ষিতভাৱে জিম্মাত লোৱা হৈছে।

ইফালে এক সুকীয়া সংবাদমেলত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল পেট ৰাইডাৰে কয় যে পেন্টাগনৰ নথি-পত্ৰ ফাদিল হোৱাটো “ইচ্ছাকৃত অপৰাধমূলক কাৰ্য”।

এজন যুৱ বিমানচালকে এনে চোৰাংচোৱাৰ প্ৰতিবেদন কেনেকৈ লাভ কৰিব পাৰে বুলি সোধাত তেওঁ কয় যে আমেৰিকাৰ সেনাবাহিনীৰ সদস্যসকলক সৰুৰে পৰাই বহু দায়িত্বৰ ওপৰত বিশ্বাস কৰা হয়।

Related News