NORTHEAST NOW (Assamese)

জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

July 19, 2026 10:20 am · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকাৰ অবিৰত আক্ৰমণত উত্তেজিত হৈ পৰিছে ইৰাণ। তেওঁলোকে মধ্যপ্ৰাচ্যৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি লৈছে। শনিবাৰে তেহৰানে জৰ্ডানত মিছাইল-ড্ৰোন আক্ৰমণ চলায়। এই ঘটনাত দুজন আমেৰিকান সেনা নিহত হয়। প্ৰতিশোধত ইৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আৰম্ভ কৰিছে ৱাশ্বিংটনে।

ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ আক্ৰমণত জৰ্ডানত দুজন আমেৰিকান জোৱান নিহত হোৱা বুলি আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে (চেণ্টকম) এক বিবৃতিত প্ৰকাশ কৰে। তেওঁলোকক শাস্তি দিয়াৰ লগতে হৰমুজ প্ৰণালীত ইৰাণৰ আগ্ৰাসন বন্ধ কৰাৰ বাবে আমেৰিকাই তেহৰাণত নতুন অভিযান আৰম্ভ কৰিছে।

আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে কয় যে, “জৰ্ডানত ইৰাণৰ আক্ৰমণত দুজন আমেৰিকান সৈনিকৰ মৃত্যুত আমি দুখী। তেওঁলোকৰ ত্যাগে আমাৰ সংকল্প আৰু অধিক শক্তিশালী কৰিব।”

ইৰাণৰ এক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকাৰ এই আক্ৰমণত দক্ষিণৰ বন্দৰ চহৰ ছিৰিকৰ ওচৰৰ অঞ্চল ক্ষতিগ্ৰস্ত হয়। তদুপৰি হাজিয়াবাদৰ সমীপতো আমেৰিকাৰ বাহিনীয়ে আক্ৰমণ চলাইছে। কেশম দ্বীপতো আক্ৰমণ চলোৱা হৈছে। অৱশ্যে সমগ্ৰ ঘটনাটোত এতিয়ালৈকে কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।

ইফালে ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেনীয়ে আক্ৰমণ আৰু প্ৰত্যাক্ৰমণৰ মাজতে ৱাশ্বিংটনক সকীয়নি দিছে। তেওঁ কয়, “ইৰাণ আৰু ইয়াৰ মিত্ৰ দেশসমূহে আমেৰিকাক উপযুক্ত শিক্ষা দিব। ৱাশ্বিংটনে স্বাক্ষৰিত বুজাবুজিৰ চুক্তি ভংগ কৰিছে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স্বাক্ষৰৰ কোনো মূল্যই নাই।”

Related News