NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না প্ৰতিৰোধী যুঁজত আগবঢ়োৱা ভাৰতৰ অৰিহনাক প্ৰশংসা আমেৰিকী সাংসদৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 1, 2020 8:36 am
ক’ৰ’না প্ৰতিৰোধী যুঁজত আগবঢ়োৱা ভাৰতৰ অৰিহনাক প্ৰশংসা আমেৰিকী সাংসদৰ

বিশ্বজুৰি অব্যাহত আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে ভাৰত বিশ্ব নেতাৰ ৰূপত আত্মপ্ৰকাশ কৰা বুলি আমেৰিকাৰ এগৰাকী সাংসদে মন্তব্য কৰিছে।

বৃহস্পতিবাৰে সাংসদ গৰাকীয়ে ভাৰতক প্ৰশংসা কৰি কয় যে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজত ভাৰতে বিশ্ব নেতা হিচাপে দ্ৰুত গতি দেখুৱাইছে।

আমেৰিকাৰ সাংসদ গৰাকীয়ে ভাৰতক প্ৰশংসা কৰাৰ মূল কাৰণ হ’ল ভাৰতে আমেৰিকাক প্ৰদান কৰি আছে বৃহৎ পৰিমাণৰ হাইড্ৰ’ক্সিক্লৰ’কুইন। মেলেৰিয়াৰ ঔষধ হাইড্ৰ’ক্সিক্লৰ’কুইনেৰে বৰ্তমান ক’ৰ’না আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰি আছে।

আমেৰিকাৰ সাংসদ জৰ্জ হোল্ডিঙে কয়, ‍‘আমেৰিকাৰ সবাটোকৈ নিকটতম তথা গুৰুত্বপূৰ্ণ মিত্ৰ দেশৰ ভিতৰত অন্যতম হ’ল ভাৰত’।

তেওঁ লগতে এই ভয়াবহ সংকটৰ সময়ত ভাৰত বিশ্ব নেতাৰ ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হোৱা ক্ষেত্ৰত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে আৰু মহামাৰীৰ ভাৰত আৰু আমেৰিকাৰ বন্ধুত্ব পূৰ্বতকৈ আৰু অধিক মজবুট হোৱা বুলি মন্তব্য কৰে।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা সন্ত্ৰাসৰ সময়ত ভাৰতে আমেৰিকা, ব্ৰাজিল আৰু ইজৰাইলৰ দৰে শক্তিশালী দেশক হাইড্ৰ’ক্সিক্লৰ’কুইন যোগান ধৰি মানৱতাৰ পৰিচয় দাঙি ধৰিছে।