NORTHEAST NOW (Assamese)

কৃষক আন্দোলনৰ সমৰ্থন বিচাৰি জ’ বিদেনলৈ পত্ৰ প্ৰেৰণ ৪০জনৰো অধিক আইনজীৱীৰ

February 16, 2021 8:48 am · এন ই নাও নিউজ

আমেৰিকা যুক্তৰাষ্ট্ৰনিবাসী দক্ষিণ এছিয়ামূলৰ ৪০ জনতকৈও অধিক আইনজীৱীয়ে ভাৰতৰ কৃষক আন্দোলনৰ বিষয়ে দেশখনৰ ৰাষ্ট্ৰপতি জ’ বিডেনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনৰ দ্বাৰা কৃষক আন্দোলনটোৰ বিৰুদ্ধে মোদী চৰকাৰে হাতত লোৱা অত্যাচাৰ-উৎপীড়ণৰ বিষয়টোৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বক্তব্য দাঙি ধৰিবলৈ আহ্বান জনোৱা হৈছে।

ৰাষ্ট্ৰপতিৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন চৰকাৰী বিভাগ আৰু মানৱাধিকাৰ সংস্থাসমূহলৈ পত্ৰখনৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে।

দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰক জেলত কৰা অত্যাচাৰ আৰু ২৬ জানুৱাৰীত কৃষক নভৃত সিঙৰ আৰক্ষীৰ দ্বাৰা হত্যাকে ধৰি আন্দোলনটোত সংঘটিত হোৱা চৰকাৰী অত্যাচাৰৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হৈছে।

পত্রখনত ইয়াকো উল্লেখ কৰা হৈছে যে কেৱল আৰক্ষীৰ নিৰ্যাতনেই নহয়, চৰকাৰে যোগাযোগৰ মাধ্যম ইণ্টাৰনেটো বন্ধ কৰিছে আৰু সাংবাদিককো ভুৱা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

পত্ৰখনৰ শেষত তেওঁলোকে ৰাষ্ট্ৰপতিগৰাকীয় কৃষক আন্দোলনটোক সমৰ্থন কৰি বিষয়টো ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ লৈ যাবলৈও অনুৰোধ কৰা হৈছে।

উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিজনে ভাৰত চৰকাৰে ২০১৯ চনত প্ৰণয়ন কৰা নাগৰিকত্ব সংশোধনি আইনখনৰ বিৰোধিতা কৰিছিল।

Related News