NORTHEAST NOW (Assamese)

ইতিহাস ৰচনাঃ ইউ এছ অ’পেনত জয়লাভ কৰি চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ দখল ছাবালেংকাৰ

September 7, 2025 10:02 am · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকাৰ আমাণ্ডা এনিছিমোভাক ষ্ট্ৰেইট ছেটত পৰাস্ত কৰি ইউ এছ অপেনৰ মুকুট সফলতাৰে ৰক্ষা কৰে আৰিনা ছাবালেংকাই। ৬ ছেপ্টেম্বৰ শনিবাৰে আৰ্থাৰ এশ্বে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা গ্ৰেণ্ড ফিনালেত ৬-৩, ৭-৬ (৩) পইণ্টত জয়লাভ কৰিবলৈ মাত্ৰ এঘণ্টা ৩৪ মিনিট সময় লয় ছাবালেংকাই। এই জয়ে তেওঁৰ চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ প্ৰদান  কৰাৰ লগতে অষ্ট্ৰেলিয়ান অপেনত তেওঁৰ জয়ৰ সংখ্যা বৃদ্ধি পায়।

ইয়াৰ উপৰিও ২০১৪ চনত ছেৰেনা উইলিয়ামছৰ পাছত ইউ এছ অপেনৰ মুকুট সফলতাৰে ৰক্ষা কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। চলিত বৰ্ষৰ আৰম্ভণিতে উইম্বলডন আৰু ফ্ৰেঞ্চ অপেন দুয়োখনতে ৰানাৰ্ছ আপ হিচাপে অন্ত পৰাৰ পাছত অৱশেষত ফ্লাছিং মিডছত ছাবালেংকাই জয়লাভ কৰে।

Related News