NORTHEAST NOW (Assamese)

মানৱ অধিকাৰ ভংগৰ প্ৰসংগেৰে চীনক সমালোচনা মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ

February 18, 2021 6:17 pm · এন ই নাও নিউজ
জো বিডেন।

কিছুদিন পূৰ্বে চীনৰ ৰাষ্ট্ৰপতি ঝিনপিঙৰ শৰীৰত গণতান্ত্ৰিক হাড় নাই বুলি মন্তব্য প্ৰকাশ কৰা আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনে চীনক লৈ পুনৰ মন্তব্য কৰিছে।

মানৱ অধিকাৰৰ প্ৰসংগ উত্থাপন কৰি বাইডেনে কয় যে মানৱ অধিকাৰ ভংগ কৰাৰ বাবে চীন প্ৰতিঘাতৰ সন্মুখিন হ’ব লাগিব।

বাইডেনে টেলিফোনযোগে চীনৰ ৰাষ্ট্ৰপতি ঝিনপিঙকো এই সম্পৰ্কে অৱগত কৰিছে বুলি লগতে উল্লেখ কৰি হংকঙৰ নাগৰিক আৰু উইঘুৰক লৈ চীনে গ্ৰহণ কৰা নীতিৰো তেওঁ বিৰোধিতা কৰে বুলি কয়।

চীনে সদায় মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত বিপৰীত স্থিতি গ্ৰহণ কৰি অহা বুলি চীনক সমালোচনা কৰে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে জ’ বাইডেনে চীনক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে।

প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দিনত চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটিছিল।

Related News