NORTHEAST NOW (Assamese)
অসম

কোভিডৰ পাছতে কৰ্কট ৰোগ নিৰ্মূলৰ বাবে প্ৰয়োজনীয় সকলো কৰা হ’ব : বাইডেন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 20, 2021 3:13 pm
WhatsApp Image 2020-07-10 at 1.14.08 PM

কোভিড-১৯ মহামাৰী সামৰণি পৰাৰ পাছত মাৰ্কিন প্ৰশাসনে কৰ্কট ৰোগ নিৰ্মুল কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলি আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনে উল্লেখ কৰে।

মিচিগানত অনুষ্ঠিত হোৱা ফাইজাৰ ভেকচিনৰ উৎপাদন সম্পৰ্কীয় এখন বৈঠকত দেশৰ শীৰ্ষস্থানী বিজ্ঞানী সকলৰ সৈতে অংশগ্ৰহণ কৰি বাইডেনে কৰ্কট ৰোগ নিৰ্মুলৰ ক্ষেত্ৰত সকলোৱে সংঘবদ্ধ হৈ কাম কৰিব লাগিব বুলি কয়।

নিজৰ বক্তব্যত বাইডেনে কৰ্কট ৰোগৰ বাবেই তেওঁৰ জেষ্ঠ পুত্ৰ বিউক হেৰুৱাবলগীয়া হ’ল বুলিও শোক ব্যক্ত কৰে।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বত ক্ৰমাৎ কৰ্কট ৰোগৰ প্ৰভাৱ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

কৰ্কট ৰোগৰ বাবে বিশ্বত প্ৰতিবছৰে হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও বহু পৰিয়াল বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখিন হ’বলগীয়া হৈছে।

এতিয়ালৈ চিকিৎসা বিজ্ঞানত কৰ্কট ৰোগ সম্পৰ্কে যথেষ্ট গৱেষণা চলি আছে যদিও ইয়াক সম্পুৰ্ণ ৰূপে নিৰ্মূল কৰাৰ ক্ষেত্ৰত কোনো স্থায়ী সমাধান ওলোৱা নায়।