NORTHEAST NOW (Assamese)
অসম

হাজোত নৃশংস হত্যাকাণ্ড : যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰি ওলোমাই থলে হত্যাকাৰীয়ে

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা February 20, 2021 2:39 pm
Haju

হাজোৰ ৰামদিয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড।

ৰামদিয়াৰ পাটোৱাৰী চুপাত সংঘটিত হৈছে এই হত্যাকাণ্ড।

কংকন ভৰালী নামৰ এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰি ওলোমাই থলে গছত।

কংকণ ভৰালীৰ পৰিয়ালৰ লোকৰ অভিযোগ মতে বন্ধুৰ সৈতে হোৱা এখন কাজিয়াৰ পৰিণতিতেই সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড।

উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়াৰ সময়ত অজয় দাস নামৰ এজন বন্ধুৱে চলেৰে মাতি নিছিল কংকন ভৰালীক।

তাৰ পাছতেই নিশা পথাৰৰ মাজত গছত ওলমি থকা অৱস্থাত তেজেৰে লুতুৰি পুতুৰি কংকনৰ মৃতদেহ উদ্ধাৰ হৈছে।

GMCH ত কৰ্মৰত আছিল কংকন ভৰালী। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত অসীম ভৰালী আৰু মানস জ্যোতি মেধি নামৰ দুই যুৱকক আটক কৰিছে হাজো আৰক্ষীয়ে।