NORTHEAST NOW (Assamese)
অসম

পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠি খনি… আজি মানুহ বিহু, বিদেনেও জনালে ‘হেপ্পী বিহু’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 15, 2021 8:00 am

ৰঙালীৰ ৰঙত মতলীয়া অসমবাসী। ক’ৰ’নাতংকয়ো যেন ম্লান পেলাব পৰা নাই বিহুৰ আনন্দ ।

এনে সময়তে দেশ বিদেশৰ পৰা অনেকেই অসমবাসীক জনাইছে বিহুৰ শুভেচ্ছা।সুদূৰ আমেৰিকাৰ পৰাও মৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনে অসমবাসীলৈ পঠিয়াইছে  শুভেচ্ছাৰ উমাল টোপোলা।

ফেচবুকত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে অসমবাসীক বিহুৰ শুভেচ্ছা জনাই এইবুলি লিখিছে—‘জিল আৰু মই দক্ষিণ এছিয়া আৰু দক্ষিণ পূৱ এছিয়াত পালন কৰা বৈশাখী,নৱৰাত্ৰী আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো।…হেপ্পী বিহু…’।

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতবৰ্ছৰ তামিলনাডুকে ধৰি অন্যান্য প্ৰান্ত উদযাপন কৰা সকলো বসন্ত উৎসৱলৈ তেওঁৰ ফেচবুক পোষ্টটোৰ জৰিয়তে শুভ কামনা জ্ঞাপন কৰিছে।

a b

আমেৰিকাত বাস কৰা শিখধৰ্মী লোকসকলকো বিডেন আৰু মাৰ্কিন ফাৰ্ষ্ট লেডী জিলে শুভেচ্ছা জনাইছে।

অসমত সাতদিনীয়াকৈ উদযাপন কৰা ৰঙালী বিহুৰ আজি দ্বিতীয় দিনটো মানুহ বিহু হিচাবে পালন কৰা হ’ব।

আজি কনিষ্ঠ জনে জ্যেষ্ঠ জনক সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰিব।

অসমীয়াৰ স্বাভিমান গামোচা যাঁচি ইজনে সিজনৰ মাজত মৰমৰ আদান-প্ৰদান কৰিব।

‘নৰ্থ ইষ্ট নাও’ৰ তৰফৰ পৰাও সমূহ অসমবাসীলৈ যাঁচিছো ৰঙালী বিহুৰ অযুত-অলেখ শুভ কামনা। অসমীয়া নৱবৰ্ষটো সকলোৰে বাবে হওঁক সুখ-সমৃদ্ধিৰ মংগলময় বৰ্ষ।