NORTHEAST NOW (Assamese)
অসম

ট্ৰাম্পৰ ৰিজ’ৰ্টত প্ৰৱেশ কৰাৰ চেষ্টা বন্দুকধাৰী যুৱকৰ; গুলীয়াই হত্যা কৰিলে ছিক্ৰেট চাৰ্ভিচে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 23, 2026 12:49 pm

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাৰ-এ-লাগো ৰিজ’ৰ্টত প্ৰৱেশৰ চেষ্টা কৰিছিল এজন যুৱকে। নিৰাপত্তাৰ কথা মনত ৰাখি আমেৰিকাৰ ছিক্ৰেট চাৰ্ভিছে যুৱকজনক হত্যা কৰে। মৃত যুৱকজনৰ বয়স ২০ বছৰ। বিষয়াসকলে জনোৱা মতে, এই ঘটনাৰ সময়ত ট্ৰাম্প ৱাশ্বিংটনত আছিল।

দেওবাৰে যুৱকজনে শ্বটগান আৰু ইন্ধনৰ কেনিষ্টাৰ লৈ ৰিজ’ৰ্টখনৰ উত্তৰ গেটত প্ৰৱেশ কৰিব বিচাৰে। তেওঁক দেখাৰ লগে লগে নিৰাপত্তাৰক্ষী সক্ৰিয় হৈ পৰে। তেতিয়াই গুলী কৰা হয়। তেওঁৰ মৃত্যু ঘটে।

ছিক্ৰেট চাৰ্ভিছে এক বিবৃতিত কয় যে অঞ্চলটো অৱৰুদ্ধ। তাত সাধাৰণ জনতাৰ প্ৰৱেশ নিষিদ্ধ। বহুস্তৰীয় নিৰাপত্তাৰ বেষ্টনি আছে। কিন্তু যুৱকজনে নিয়ম ভংগ কৰি সোমাবলৈ চেষ্টা কৰে। সেয়ে, তেওঁক গুলীয়াই হত্যা কৰা হয়।

ইয়াৰ উপৰিও জনা যায় যে সেই সময়ত পাম বিচ কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ৰ এজন ডেপুটি তাত কৰ্তব্যৰত আছিল। তেওঁ গুলীচালনা কৰে। থিতাতে মৃত্যু হয় অভিযুক্তৰ। অৱশ্যে আত্মীয়ক অৱগত নকৰালৈকে মৃত যুৱকজনৰ পৰিচয় প্ৰকাশ কৰা নাই। ছিক্ৰেট চাৰ্ভিছৰ কোনো কৰ্মী আহত হোৱা নাই।

ইপিনে, এফ বি আই, ছিক্ৰেট চাৰ্ভিচ আৰু পাম বিচ কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। যুৱকজন কিয় আহিল, কেনেকৈ সোমাই গ’ল, ক’ৰ পৰা বন্দুকটো পালে তাৰ তদন্ত চলি আছে।

উল্লেখ্য যে মাৰ-এ-লাগো হৈছে ফ্ল’ৰিডাৰ পাম বিচৰ ড’নাল্ড ট্ৰাম্পৰ ৰিজ’ৰ্ট। ১৯২০ চনত সাগৰৰ পাৰত এখন বিলাসী ৰিজৰ্ট নিৰ্মাণ কৰা হৈছিল। ১৯৮৫ চনত সেইখন ট্ৰাম্পে কিনিছিল। ইয়াত ১২৬টা কোঠা আছে।

ট্ৰাম্পে এই ৰিজৰ্টখনক নিজৰ শীতকালীন হোৱাইট হাউছ হিচাপে ব্যৱহাৰ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তাত ৰাজনৈতিক আলোচনা, ধন সংগ্ৰহ আৰু কূটনৈতিক অতিথিৰ সৈতে বৈঠক অনুষ্ঠিত কৰে।