NORTHEAST NOW (Assamese)

ধৰ্ষণ-সন্ত্ৰাসৰ আশংকা, মহিলাৰ বাবে অকলে যাত্ৰাত নিষেধাজ্ঞা; ভাৰত ভ্ৰমণত একাধিক সতৰ্কতা জাৰি আমেৰিকাৰ!

June 22, 2025 10:02 am · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকাৰ গৃহ মন্ত্ৰালয়ে ভাৰতৰ বাবে জাৰি কৰিছে ‘লেভেল-২ ট্ৰেভেল ৱাৰ্নিং’। অৰ্থাৎ ইয়াক ‘বৰ্ধিত সাৱধানতা’ অৱলম্বন কৰিবলৈ কোৱা হৈছে। এই সতৰ্কবাণী ‘অপৰাধ আৰু সন্ত্ৰাসবাদ’ৰ কাৰণ দেখুৱাই দিয়া হৈছে, আৰু ভাৰতৰ কিছুমান অঞ্চল ‘অতি বিপদজনক’ হিচাপে চিনাক্ত কৰা হৈছে।

কি আছে এই সতৰ্কবাণীত? উল্লেখ কৰা হৈছে যে ‘ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা অপৰাধৰ ভিতৰত ধৰ্ষণ অন্যতম। পৰ্যটনস্থলী আৰু অন্যান্য স্থানত হিংসাত্মক অপৰাধ (বিশেষকৈ যৌন নিৰ্যাতন) সংঘটিত হৈছে। সন্ত্ৰাসবাদীয়ে কম বা কোনো সতৰ্কবাণী নোহোৱাকৈয়ে আক্ৰমণ কৰিব পাৰে। তেওঁলোকৰ লক্ষ্য হ’ব পাৰে পৰ্যটন অঞ্চল, পৰিবহণ কেন্দ্ৰ, বজাৰ বা মল, চৰকাৰী ভৱন।’

সতৰ্কবাণীটোত লগতে উল্লেখ কৰা হৈছে যে গ্ৰাম্য অঞ্চলত (যেনে পূব মহাৰাষ্ট্ৰ, উত্তৰ তেলেংগানাৰ পৰা পূব পশ্চিম বংগলৈকে) আমেৰিকাৰ অনুকূল হস্তক্ষেপৰ ক্ষেত্ৰত সীমাবদ্ধতা আছে। আমেৰিকা চৰকাৰৰ কৰ্মচাৰীয়ে এই অঞ্চলসমূহলৈ বিশেষ অনুমতি লৈ যাব লাগিব।

ইয়াত আৰু কোৱা হৈছে যে, “যিহেতু ভাৰতত চেটেলাইট ফোন বা জিপিএছ ডিভাইচ কঢ়িয়াই নিয়াটো আইনগত অপৰাধ, গতিকে ইয়াত ২ লাখ মাৰ্কিন ডলাৰৰ জৰিমনা বা তিনি বছৰৰ কাৰাদণ্ড হ’ব পাৰে। সেয়েহে মহিলাসকলক অকলে যিকোনো ঠাইলৈ যোৱাত বিশেষভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।”

আন কিছুমান অঞ্চল পৃথকে পৃথকে সতৰ্ক হ’বলৈ কোৱা হৈছে। জম্মু-কাশ্মীৰ, ভাৰত-পাক সীমান্তৰ ১০ কিলোমিটাৰ এলেকা, আৰু মধ্য আৰু পূব ভাৰতৰ কিছু অংশ য’ত অধিক বিপদ আছে।

সতৰ্কবাণীত বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, পশ্চিমবংগ, মেঘালয় আৰু ওড়িশাৰ কথা উল্লেখ আছে। কোৱা হৈছে যে আমেৰিকা চৰকাৰৰ কৰ্মচাৰীসকলে এই অঞ্চলসমূহ ভ্ৰমণ কৰিবলৈ পূৰ্ব অনুমোদন ল’ব লাগিব যদিও কেবল ৰাজ্যখনৰ ৰাজধানীলৈ যাবলৈ হ’লেহে অনুমতিৰ প্ৰয়োজন নহ’ব।

আন এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা হ’ল, “পূব মহাৰাষ্ট্ৰ, পূব মধ্য প্ৰদেশকে ধৰি ভাৰত-নেপাল সীমান্ত পাৰ হ’ব নোৱাৰিব।” কাৰণ ইয়াত “ইমিগ্ৰেচন ডিটেনচন আৰু জৰিমনা”ৰ আশংকা আছে। মণিপুৰ, আৰু উত্তৰ-পূবৰ কিছুমান ৰাজ্যৰ কথাও নতুন ভ্ৰমণ পৰামৰ্শত উল্লেখ কৰা হৈছে।

Related News