NORTHEAST NOW (Assamese)

ইউক্ৰেইন সংকট: যুদ্ধৰ অস্ত্ৰ ওকনি, মাখি, বাদুলি আৰু চৰাই…

March 13, 2022 7:19 pm · এন ই নাও নিউজ,গুৱাহাটী

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছৰে পৰা ইউক্ৰেইনত এতিয়া মৃতদেহৰ পাহাৰৰ সৃষ্টি হৈছে।

যুদ্ধত নিহত সৈনিক আৰু অসামৰিক লোকৰ মৃতদেহ সৎকাৰ কৰাৰ সলনি গাঁতত পুতি ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

এনে সময়তে ৰাষ্ট্ৰসংঘত নিযুক্ত ৰাছিয়াৰ দূত ভাচিলি নেবেঞ্জিয়াই ৰাষ্ট্ৰসংঘৰ এখন সভাত এইবুলি দাবী কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰই জৈৱিক অস্ত্ৰৰ কাৰ্যসূচী হাতত লৈছে।

সেই মৰ্মে মাৰ্কিন চৰকাৰে বাদুলি, চৰাই আৰু মাখি ব্যৱহাৰ কৰি আমেৰিকাৰ বিৰুদ্ধে জৈৱিক যুদ্ধৰ সূচনা কৰিছে।

আমেৰিকাই বিভিন্ন ৰোগৰ মাৰাত্মক সংক্ৰমণ বিয়পাবলৈ বাদুলি, চৰাই ,ওকনি, মাখি আদি ব্যৱহাৰ কৰিছে বুলি অভিযোগ কৰি ৰাছিয়াৰ দূতগৰাকীয়ে কয় যে এইক্ষেত্ৰত ইউক্ৰেনে আমেৰিকাক সহায় কৰিছে।

ৰাছিয়াৰ মতে আমেৰিকাই চৰাইৰ জৰিয়তে প্লেগ, লেপ্টোস্পাইৰোচিছৰ লগতে মাৰাত্মক কৰোনাভাইৰাছ বিয়পাব বিচাৰিছে।

ৰাছিয়াই দাবী কৰা মতে ওকণি আৰু মাখিৰ জৰিয়তেও আমেৰিকাই ৰাছিয়াত ৰোগৰ বিস্তাৰ ঘটাবলৈ চেষ্টা চলাই আছে।

Related News