NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ পৰীক্ষাত আমেৰিকা প্ৰথম, দ্বিতীয় স্থানত ভাৰত : ড’নাল্ড ট্ৰাম্প

August 28, 2020 8:23 pm · এন ই নাও নিউজ

আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বৰ ভিতৰত সৰ্বাধিক ক’ৰ’নাৰ পৰীক্ষা কৰিছে আৰু ভাৰতে ক’ৰ’না পৰীক্ষাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে বুলি মন্তব্য প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৰিপাব্লিকান পাৰ্টিয়ে ট্ৰাম্পক পুনৰ নিৰ্বাচিত কৰাৰ পাছত দিয়া এক ভাষণত ট্ৰাম্পে এইদৰে মন্তব্য প্ৰকাশ কৰে।

‘‘আমেৰিকা যুক্তৰাষ্ট্ৰই দ্বিতীয় স্থানত থকা ভাৰততকৈ ৪০ মিলিয়ন অধিক ক’ৰ’না পৰীক্ষা সম্পন্ন কৰিছে,’’ ৰাষ্ট্ৰপতি ট্ৰাম্পে লগতে কয়।

আনহাতে, এপ্ৰিলৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ হাৰ ৮০ শতাংশ হ্ৰাস পাইছে বুলিও ট্ৰাম্পে ভাষণ প্ৰসংগত উল্লেখ কৰে।

তদুপৰি, ২০২০ বৰ্ষৰ শেষৰফালে আমেৰিকাৰ জনসাধাৰণে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী ভেকচিন লাভ কৰিব বুলিও ট্ৰাম্পে লগতে কয়।

ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰতিদ্বন্দ্বি জ’ বিডেন ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’লে আমেৰিকাৰ গৌৰৱ ধ্বংস কৰি পেলাব বুলিও ট্ৰাম্পে ভাষণত সমালোচনা কৰে।

Related News