NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকাই দুশ বছৰ শাসন কৰিছিল ভাৰতক! উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ পুনৰ আজৱ মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 21, 2021 7:55 pm

নাৰীয়ে ৰিপড জিনছ পিন্ধাক লৈ চকুত পোৰণি উঠা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱটৰ মুখেৰে পুনৰ নিগৰিছে অদ্ভূত মন্তব্য।

নাৰীৰ পাছত এইবাৰ তেওঁৰ আক্ৰমণৰ লক্ষ্য আমেৰিকা।

দেওবাৰে তেওঁ কয় যে আমেৰিকাই ভাৰতক ২০০ বছৰ ধৰি ভৃত্য কৰি ৰাখিছিল।

তদুপৰি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উচ্চ প্ৰশংসা কৰি কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দেশে ক’ভিড-১৯ মহামাৰীক পৰাস্ত কৰিবলৈ সক্ষম হৈছে।

তেওঁ কয় যে আমেৰিকাই এতিয়াও ক’ভিড-১৯ৰ স’তে সংগ্ৰাম কৰি ৰাখিছে, তাত ভাৰততকৈ বেছি মানুহৰ মৃত্যু হৈছে, যদিও তাত জনসংখ্যা কম আৰু উন্নত চিকিৎসা সেৱা আছে।

তেওঁৰ এই মন্তব্যটো ‘এছিয়ান নিউজ ইন্টাৰনেচনেল’ (ANI)-এ টুইটাৰত শ্বেয়াৰ কৰিছে।

”যি আমেৰিকাই আমাক ২০০ বছৰ ধৰি গোলাম কৰি ৰাখিছিল, গোটেই বিশ্বক নিজৰ তলত ৰাখিছিল, সূৰ্যও তাত অস্ত নাযায় বুলি কোৱা হৈছিল। কিন্তু এতিয়া, আমেৰিকাই সংগ্ৰাম কৰি আছে।”- তেওঁ কয়।