NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলৰ পশুধনক টিকাকৰণ অভিযান আৰম্ভ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া February 19, 2021 6:30 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নেতৃত্বত বোকাখাত মহকুমাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া জনপদ সমূহত পোহনীয়া গৰু, ম’হৰ বাৰ্ষিক টিকাকৰণ অভিযান ১৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে।

ব্ৰহ্মপুত্ৰৰ মাজৰ ভক্তে চাপৰিত থকা কাজিৰঙাৰ বন শিৱিৰ এলেকাত বিগত দুটা দিনত মুঠ ৩৯২ টা গৰু ম’হক ট্ৰায়’ভেক নামৰ প্ৰতিষেধক প্ৰদান কৰা হয়।

এই প্ৰতিষেধকে গৰু ম’হক চবকা, জহৰবাত আৰু গল ফুলা ৰোগৰ পৰা প্ৰতিৰোধ কৰিব বুলি পশু চিকিৎসকে জনাইছে।

এই প্ৰতিষেধক ক্ৰয়ৰ সমুদায় ব্যয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কৰাৰ উপৰিও পশু চিকিৎসক সকলৰ চাপৰিলৈ যাতায়ত আৰু থকা খোৱাৰো সমুদায় ব্যৱস্থা কাজিৰঙাৰ কৰ্তৃপক্ষই কৰিছে।

আজি ভক্তে চাপৰিত টিকাকৰণৰ সফল সমাপ্তি হয় ৷ ভক্তে চাপৰিত বোকাখাতৰ বিভাগীয়  পশু চিকিৎসক ডা৹ চৈয়দ মেহতাজৰ নেতৃত্বত যোৱা ১০ জনীয়া এটা দলে ভক্তে চাপৰিৰ নিকৰী গাঁও, মেধি চুক আৰু অৰ্জুন চাপৰি অঞ্চলত প্ৰতিষেধক প্ৰদান কৰে।

ভক্তে চাপৰিৰ পৰা আৰম্ভ হোৱা এই টিকা প্ৰদান অভিযানেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানখনৰ প্ৰতিটো বনাঞ্চলৰ দাঁতিকাষৰীয় জনপদক সামৰি ল’ব।

বন্যপ্ৰাণীৰ সুৰক্ষা আৰু পোহনীয়া পশুধনৰ কল্যাণৰ বাবে প্ৰতিবছৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই লোৱা এই অভিযানেৰে লক্ষাধিক পশুধনক প্ৰতিষেধক প্ৰদান কৰিছে।

ভক্তে চাপৰিৰ টিকাকৰণ অভিযান পৰিচালনা কৰে অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই।

আগন্তুক এমাহ ধৰি চলিবলগীয়া এই অভিযানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বোকাখাতৰ সকলো পশু চিকিৎসকেই অংশগ্ৰহণ কৰিব।