NORTHEAST NOW (Assamese)

ৰাজস্থান ৰয়েলছৰ পৰাজয়ৰ পাছত উচুপি উঠিল বৈভৱ সূৰ্যবংশী, ছচিয়েল মিডিয়াত কান্দোনৰ ভিডিঅ’ ভাইৰেল

May 30, 2026 9:57 am · এন ই নাও নিউজ, গুৱাহাটী

শুকুৰবাৰে অনুষ্ঠিত আই পি এল ২০২৬ ৰ দ্বিতীয় কোৱালিফায়াৰ মেচত গুজৰাট টাইটান্সে ৰাজস্থান ৰয়েলছক ৭ উইকেটত পৰাস্ত কৰে। এই জয়ৰ লগে লগে গুজৰাট টাইটান্সে প্ৰতিযোগিতাখনৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। আনহাতে, এই পৰাজয়ৰ ফলত ৰাজস্থান ৰয়েলছৰ পুনৰবাৰ খিতাপ জয়ৰ সপোন ভংগ হয় আৰু দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হবলগীয়া হয়।

এই গুৰুত্বপূৰ্ণ মেচখনত ৰাজস্থান ৰয়েলছৰ হৈ মাত্ৰ ৪৭ বলত ৮ টা চাৰি আৰু ৭ টা ছক্ৰাৰ সহায়ত ৯৬ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলা যুৱ খেলুৱৈ বৈভৱ সূৰ্যবংশীক মেচৰ অন্তত কান্দি থকা দেখা গৈছিল। পৰাজয়ৰ বেদনা সহ্য কৰিব নোৱাৰি কান্দি পেলোৱা বৈভৱক পিছত দলৰ কৰ্মকৰ্তাসকলে শান্ত কৰে। ছচিয়েল মিডিয়াত তেওঁৰ এই কান্দোনৰ ভিডিঅঅতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। অনুৰাগীসকলেও তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়াইছে আৰু তেওঁক ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত বুলি অভিহিত কৰি সান্ত্বনা দিছে।

উল্লেখ্য যে মুন্নাপুৰত অনুষ্ঠিত এই মেচখনত প্ৰথমে বেটিং কৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেট হেৰুৱাই ২১৪ ৰানৰ বিশাল স্কৰ থিয় কৰাইছিল। মেচখনত ৰাজস্থানৰ তাৰকা বেটছমেন যশস্বী জয়ছোৱালে মাত্ৰ ১ ৰান, ধ্ৰুৱ জুৰেলে ৭ ৰান আৰু ৰিয়ান পৰাগে মাত্ৰ ১১ ৰানহে কৰিবলৈ সক্ষম হয়। বেছিভাগ বেটছমেন বিফল হোৱাৰ পিছতো বৈভৱ সূৰ্যবংশীৰ ৯৬ ৰান, ৰবীন্দ্ৰ জাদেজাৰ ৪৫ ৰান আৰু দীনেশ ফেৰেৰাৰ শেষৰ ১১ বলত খেলা ৩৮ ৰানৰ দ্ৰুত ইনিংছৰ সহায়ত ৰাজস্থানে ২১৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছিল।

ৰাজস্থান ৰয়েলছে বান্ধি দিয়া ২১৫ ৰানৰ এই বৃহৎ লক্ষ্য গুজৰাট টাইটান্সে মাত্ৰ ১৮.৪ অভাৰতে অতি সহজে অতিক্ৰম কৰে। গুজৰাটৰ অধিনায়ক শুভমান গিলে ১০৪ ৰানৰ এক অনবদ্য শতকীয় ইনিংছ খেলে আৰু ছাই সুদৰ্শনে ৫৮ ৰানৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়। এই দুয়োজন খেলুৱৈৰ অপেনিঙৰ অংশীদাৰিত্বই ৰাজস্থানৰ হাতৰ পৰা মেচখন প্ৰায় কাঢ়ি লৈ গৈছিল। মেচৰ বাকী থকা কামখিনি ৰাহুল তেৱাটিয়া আৰু জছ বাটলাৰে মিলি সম্পূৰ্ণ কৰি দলক জয়ৰ সোৱাদ দিয়ে।

এই জয়ৰ পিছত গুজৰাট টাইটান্সৰ শিবিৰত আনন্দৰ বন্যা বোৱাৰ বিপৰীতে পৰাজয়ৰ ফলত ৰাজস্থান ৰয়েলছৰ শিবিৰত তীব্ৰ নিৰাশাই বিৰাজ কৰে। মেচৰ অন্তত ডাগআউটত বহি বৈভৱ সূৰ্যবংশীয়ে উচুপি উচুপি কান্দি থকা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেওঁ প্ৰথমে পথাৰত নিজৰ মূৰ লুকুৱাই ৰাখিছিল আৰু তাৰ পিছত ডাগআউটত বহু সময় ধৰি কান্দিছিল। দলৰ চাপৰ্ট ষ্টাফে তেওঁক বুজনি দি শান্ত কৰিবলগীয়া হৈছিল। বৰ্তমান তেওঁৰ এই আৱেগিক ভিডিঅটোৱে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।

Related News