NORTHEAST NOW (Assamese)

বৈষ্ণো দেৱী মন্দিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ লেফটেনেণ্ট গভৰ্ণৰৰ

January 1, 2022 11:12 am · এন ই নাও নিউজ, গুৱাহাটী

মাতা বৈষ্ণো দেৱী মন্দিৰত সংঘটিত দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই।

এক টুইটযোগে লেফটেনেণ্ট গভৰ্ণৰ কাৰ্যালয়ে জনায় যে ইতিমধ্যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এই সন্দৰ্ভত কথা পাতিছে আৰু ঘটনাটোৰ বিষয়ে তেওঁক অৱগত কৰিছে। প্ৰধানমন্ত্ৰীয়ে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে তেওঁ সদৰী কৰে।

উল্লেখ্য যে শনিবাৰে পুৱতি নিশা ত্ৰিকুটা পাহাৰৰ ওপৰৰ মন্দিৰৰ গৰ্ভগৃহৰ বাহিৰত ভক্তসকলৰ বৃহৎ ভিৰৰ ফলত পদপিষ্ট হৈ ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়।

 

মৃতকৰ পৰিয়াললৈ সমবেদনা জনাই লেফটেনেণ্ট গভৰ্ণৰে টুইট কৰে যে, উক্ত ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে এক তদন্ত সমিতি গঠন কৰা হৈছে। প্ৰধান সচিব (গৃহ)-এ তদন্ত সমিতিৰ নেতৃত্ব দিব আৰু জম্মুৰ ADGP আৰু বিভাগীয় আয়ুক্ত সদস্য হিচাপে থাকিব।

উপ ৰাজ্যপাল মনোজ সিনহাই মৃত্যু হোৱা প্ৰতিজন ব্যক্তিৰ পৰিয়াললৈ ১০ লাখ টকা আৰু আহত সকলৰ প্ৰতিজনক ২ লাখ টকাৰ সাহাৰ্য্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।

Related News