NORTHEAST NOW (Assamese)

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

July 23, 2025 6:26 pm · এন ই নাও নিউজ, গুৱাহাটী

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত উদ্ধাৰ পোক। ইয়াৰ সৈতে জড়িত কেইবাখনো ছবি ভাইৰেল হৈ ছচিয়েল মিডিয়াত হুলস্থুলৰ সৃষ্টি কৰিছে। আৰম্ভ হৈছে বিতৰ্ক। ইতিমধ্যে চাপত পৰি ক্ষমা খুজিছে ৰেলৱে।

যোৱা ২২ জুলাইত নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছত সংঘটিত হৈছিল এই ঘটনা। হাৰ্দিক পাঞ্চাল নামৰ এজন যাত্ৰীয়ে নিজৰ এক্স হেণ্ডেলত খাদ্যৰ ছবি পোষ্ট কৰি লিখিছে, “মই ২২ জুলাইৰ পৰা দিল্লীৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছেৰে যাত্ৰা আৰম্ভ কৰিছিলো। অলপ পাছত আমাৰ খাদ্য পৰিবেশন হল। মোক দিয়া খাদ্যৰ বাকচটো খুলি দিওঁতে খাদ্যত একাধিক পোক ওপঙি থকা দেখিলোঁ।” এই ছবি ভাইৰেল হোৱাৰ লগে লগে আৰম্ভ হয় বিতৰ্ক। এনে ঘটনাৰ বিৰুদ্ধে ক্ষিপ্ৰ আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নেটিজেনসকলে। এই অভিযোগ পোহৰলৈ অহাৰ পিছতে কঁপিছে ৰে’ল কৰ্তৃপক্ষ। ৰেলৱেৰ হৈ ‘ৰেলৱে সেৱাই তেওঁলোকৰ এক্স হেণ্ডেলত ক্ষমা বিচাৰিছে।

কিন্তু ভাৰতত খাদ্যত পোক পোৱাটো প্ৰথম নহয়। যোৱা বছৰ ভাৰতলৈ যোৱা বিমানত এজন যাত্ৰীয়ে নিজৰ খাদ্যত পোক উদ্ধাৰ কৰিছিল। কেৱল সেয়াই নহয়, যোৱা বছৰ মধ্যপ্ৰদেশৰ বন্দে ভাৰত এক্সপ্ৰেছৰ এজন যাত্ৰীয়ে ৰেলত পৰিবেশন কৰা দালিত এটা পোক পাই খাদ্যৰ ফটো তুলি ফেচবুকত শ্বেয়াৰ কৰি অভিযোগ কৰে। ইয়াৰ পাছতে এই পোষ্টটো ভাইৰেল হৈ পৰে আৰু যাত্ৰীসকলে ভাৰতীয় ৰেলত খাদ্যৰ মানদণ্ডক লৈ উদ্বেগ প্ৰকাশ কৰে।

Related News