NORTHEAST NOW (Assamese)

দিহিং পাটকাইত ক’ল ইণ্ডিয়াৰ মুক্ত খনন সন্দৰ্ভত মাৰ্ঘেৰিটাত ১৪ টা দল সংগঠনৰ যৌথ সভা

June 1, 2020 5:56 pm · মানস প্ৰতিম গগৈ
যৌথ সভা

দিহিং পাটকাইত ক’ল ইণ্ডিয়াৰ মুক্ত খনন সন্দৰ্ভত আজি মাৰ্ঘেৰিটা খণ্ড উন্নয়ন কাৰ্য্যালয়ত অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ উলুপে পৌৰোহিত্য কৰা আৰু মাৰ্ঘেৰিটা অঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈয়ে আঁ‌ত ধৰা সভাত সদৌ অসম ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি,  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা সমিতি,  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আটছা, আছা, সদৌ গোৰ্খা ছাত্ৰ সন্থা, আহোম সভা, টাইপা, টাই আহোম যুৱ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা, টাংছা, আগছু, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সহ প্ৰতিটো দল সংগঠনৰ সভাপতি, সম্পাদকে অংশগ্ৰহণ কৰে।

শেহতীয়াকৈ চৰ্চা হোৱা দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খনন হ’ব বুলি সৃষ্টি হোৱা বিৰ্তকৰ পাছতেই বিভিন্ন দল-সংগঠনে আন্দোলন কাৰ্যসূচী হাতত লৈছিল আৰু ইয়াৰ মাজতে এটা কথা ব্যাপক ৰূপত চৰ্চা হৈছিল যে এই আন্দোলন সমূহৰ ফলত ক’ল ইণ্ডিয়াৰ উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ মাৰ্ঘেৰিটা বন্ধ হৈ পৰিব আৰু ইয়াৰ ফলত হ’ব পৰা ক্ষতি সন্দৰ্ভতো আলোনা কৰা হয়।

আজি বিভিন্ন দল-সংগঠনৰ উপস্থিত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ সভাখনৰ জৰিয়তে যৌথ ভাৱে সংগঠন সমূহে স্পষ্ট কৰি দিব বিচাৰিছে যে, এই আন্দোলন উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ বন্ধৰ পক্ষে নহয় বা যিকোনো মূল্যৰ বিনিময়ত এই উদ্যোগক বন্ধ হ’বলৈ দিয়া নহ’ব।

প্ৰাকৃতিক পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰি বৈজ্ঞানীক দৃষ্টি-ভংগীৰে কয়লা খনন কৰিবলৈ দাবী জনাই সংগঠন সমূহে।

পাটকাইৰ চালেকি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত কোনো পধ্যেই কয়লাৰ মুক্ত খনন হ’বলৈ দিয়া নহ’ব বুলি আজিৰ সভাই সিদ্ধান্ত লোৱাৰ লগতে অনতিপলমে সংবাদ মাধ্যম যোগে পৰবৰ্তী কাৰ্যসূচী সম্পৰ্কে অৱগত কৰিব বুলি মাৰ্ঘেৰিটা আছুৰ সম্পাদক ৰুপম বৰুৱাই এক বিবৃতি যোগে জানিবলৈ দিয়ে।

Related News