NORTHEAST NOW (Assamese)
অসম

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক January 22, 2021 6:11 pm

বাক্সা জিলাৰ নাগ্ৰীজুলিৰ কাউলীত বিটিচিৰ প্ৰাক্তন ই এম ৰবীন্দ্ৰ বিশ্বাসৰ নেতৃত্বত অনুষ্ঠিত হোৱা এক বিশাল যোগদান সভাত কেতবোৰ গুৰুত্বপূৰ্ণ আঁচনি সম্পৰ্কে মন্তব্য কৰে বি টি আৰৰ উপ মুখ্য কাৰ্য্যবাহী গোবিন্দ বসুমতাৰীয়ে।

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত ভি চি ডি চি নিৰ্বাচন অনুষ্ঠিত হ’ব বুলিও সভাত গোবিন্দ বসুমতাৰীয়ে কয়।

আনহাতে, বি টি আৰত থকা সকলো বেচৰকাৰী শিক্ষানুষ্ঠানসমূহ অতি শীঘ্ৰে প্ৰাদেশিকৰণ কৰা হ’ব বুলিও গোবিন্দ বসুমতাৰীয়ে উল্লেখ কৰি ইয়াত শিক্ষক নিযুক্তি দিয়া হ’ব বুলি কয়।

বি টি আৰৰ প্ৰতিগৰাকী মহিলা ব্যৱসায়িক নিজৰ ব্যৱসায় বৃদ্ধিৰ বাবে ২০ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলিও উপ মুখ্য কাৰ্য্যবাহী গৰাকীয়ে লগতে কয়।

বি টি আৰ নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে য়ু পি পি এল আগবাঢ়ি আহিছে বুলি বসুমতাৰীয়ে মন্তব্য কৰি যিসকল দৰিদ্ৰ লোকে এতিয়াও চৰকাৰী আৱাস লাভ কৰা নাই তেওঁলোকক বড়োলেণ্ড আৱাস যোজনাৰ অধীনত গৃহ প্ৰদান কৰা হ’ব বুলি কয়।

প্ৰথম পৰ্যায়ত মুঠ ৮০০ টা পৰিয়ালক এই গৃহ প্ৰদান কৰা হ’ব আৰু পৰৱৰ্তী সময়ত গৃহহীন সকলো দৰিদ্ৰ পৰিয়াললৈ গৃহ আগবঢ়োৱা হ’ব বুলিও বসুমতাৰীয়ে লগতে কয়।