NORTHEAST NOW (Assamese)
অসম

অঘটন : EVM কঢ়িয়াই অনা গাড়ীত খুন্দিয়াই সংকটজনক অৱস্থাত বাইক আৰোহী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 8, 2024 10:28 am
অঘটন : EVM কঢ়িয়াই অনা গাড়ীত খুন্দিয়াই সংকটজনক অৱস্থাত বাইক আৰোহী

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ অন্ত পৰাৰ পিছতে বকোৰ সমীপত ইলেক্ট্ৰিক ভোটিং মেচিন (ইভিএম) কঢ়িয়াই অনা এখন বাহনে দুৰ্ঘটনা সংঘটিত কৰে।

সূত্ৰই জনোৱা মতে, ইভিএম আৰু অন্যান্য বিষয়াৰ সৈতে ষ্ট্ৰং ৰুমলৈ গৈ থকা ফৰ্চ ট্ৰেভেলাৰ গাড়ীখনত বিপৰীত দিশৰ পৰা অহা এখন মটৰ চাইকেলে খুন্দা মাৰে।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় দুজন বাইকাৰছ।  লগে লগে তেওঁলোকক জিএমচিএইচলৈ লৈ যোৱা হয়।

সূত্ৰই জনোৱা মতে, মটৰ চাইকেলখন অতি তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত গাড়ীখনত খুন্দা মাৰে।