NORTHEAST NOW (Assamese)

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am · এন ই নাও নিউজ, গুৱাহাটী
Photo Credit Reuters

বুধবাৰে নিশা দক্ষিণ আমেৰিকাৰ ৰাষ্ট্ৰ ভেনিজুৱেলাত ধাৰাবাহিক দুটাকৈ অতি শক্তিশালী ভূমিকম্পই দেশখনত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে। ৰাজধানী কাৰাকাছ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত আঘাত হনা ৭.২ আৰু ৭.৫ প্ৰাৱল্যৰ এই ভূমিকম্পৰ ফলত বহুতো অট্টালিকা খহি পৰাৰ লগতে সমগ্ৰ দেশতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে দেশজুৰি জৰুৰী অৱস্থা ঘোষণা কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ বিভাগে প্ৰকাশ কৰা অনুসৰি এই প্ৰাকৃতিক দুৰ্যোগত দহ হাজাৰৰ পৰা এক লাখ পৰ্যন্ত লোকৰ প্ৰাণহানি হোৱাৰ গুৰুতৰ আশংকা কৰা হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ বিভাগৰ তথ্য অনুসৰি, প্ৰথমটো ৭.২ প্ৰাৱল্যৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কাৰাকাছৰ পৰা প্ৰায় ১৬৮ কিলোমিটাৰ পশ্চিমে অৱস্থিত মৰন অঞ্চলত, যাৰ গভীৰতা আছিল ২১.৯ কিলোমিটাৰ। এই প্ৰথমটো জোকাৰণিৰ মাত্ৰ ৩৯ ছেকেণ্ডৰ পাছতেই ৭.৫ প্ৰাৱল্যৰ আৰু ১০ কিলোমিটাৰ গভীৰতাৰ আন এটা মূল ভূমিকম্পই দেশখনত আঘাত হানে। বিভাগটোৱে এই ভূমিকম্প দুটাক ক্ৰমে ফৰশ্বক আৰু মেইনশ্বক বুলি অভিহিত কৰিছে আৰু ইয়াৰ পাছতো ২০টাতকৈয়ো অধিক পৰৱৰ্তী জোকাৰণি অনুভূত হয়। এই প্ৰবল জোকাৰণিৰ ফলত দেশখনৰ প্ৰধান আন্তঃৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰ চাইমন বলিভাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হয় আৰু ছাদৰ একাংশ খহি পৰাৰ পৰিপ্ৰেক্ষিতত বিমানবন্দৰটো সাময়িকভাৱে বন্ধ কৰি দিয়া হয়। ইয়াৰ উপৰি ভূমিকম্পৰ ফলত বিভিন্ন স্থানত ভূমিস্খলনৰো সৃষ্টি হৈছে।

ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ৰড্ৰিগেজে এক ভাষণযোগে দেশবাসীক শান্ত হৈ থাকিবলৈ আৰু ঐক্যবদ্ধ হবলৈ আহ্বান জনাইছে। তেওঁ আহতসকলক চিকিৎসা প্ৰদানৰ বাবে দেশৰ সকলো স্বাস্থ্যকৰ্মীক ততাতৈয়াকৈ চিকিৎসালয়সমূহত উপস্থিত হবলৈ নিৰ্দেশ দিয়াৰ লগতে শিক্ষানুষ্ঠানসমূহ কেইবাদিনৰ বাবে বন্ধ ঘোষণা কৰিছে। আনহাতে, ফালকন প্ৰদেশৰ গভৰ্ণৰ ভিক্টৰ ক্লাৰ্কে জানিবলৈ দিয়া মতে, প্ৰদেশখনত ৩২ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ভূমিকম্পৰ চাৰি ঘণ্টাৰ পাছতো ১৫ জন লোক আৱদ্ধ হৈ আছে। কাৰাকাছৰ চাকাও পৌৰসভাৰ মেয়ৰ গুস্তাভডুকে প্ৰকাশ কৰে যে অঞ্চলটোত কেইবাটাও অট্টালিকা খহি পৰিছে আৰু কেৱল এটা অট্টালিকাৰ পৰাই ১৮ জন জীৱিত লোকক উদ্ধাৰ কৰা হৈছে। পৰৱৰ্তী জোকাৰণিৰ আশংকা থকাৰ বাবে তেওঁ জনসাধাৰণক মুকলি স্থানত আশ্ৰয় লবলৈ পৰামৰ্শ দিছে।

বিগত এশ বছৰৰ ভিতৰত আটাইতকৈ শক্তিশালী বুলি বিবেচিত এই ভূমিকম্পই ১৯৬৭ চনত কাৰাকাছত আঘাত হনা ৬.৩ প্ৰাৱল্যৰ মাৰাত্মক ভূমিকম্পৰ স্মৃতি সতেজ কৰি তুলিছে। আশী বছৰীয়া বৃদ্ধা মাৰিয়া ৰোমেৰোৰ মতে এই ভূমিকম্প ১৯৬৭ চনৰ ভূমিকম্পতকৈয়ো ভয়ংকৰ আছিল।

এই চৰম সংকটৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই ভেনিজুৱেলাৰ জনসাধাৰণলৈ সহায়ৰ হাত আগবঢ়াইছে। আমেৰিকাৰ উপ-পৰৰাষ্ট্ৰ মন্ত্ৰী ক্ৰিষ্টোফাৰ লণ্ডাউৱে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে যে তেওঁলোক ভেনিজুৱেলাৰ কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগত আছে আৰু সাহায্য প্ৰেৰণৰ ব্যৱস্থা কৰিছে। বৰ্তমান ভেনিজুৱেলাৰ প্ৰশাসনে উদ্ধাৰকাৰী দলৰ নিৰন্তৰ প্ৰচেষ্টাত ধ্বংসাৱশেষৰ মাজত আৱদ্ধ লোকসকলক সুৰক্ষিতভাৱে উলিয়াই অনাৰ লগতে চিকিৎসা সেৱা আৰু সাহায্য প্ৰদানৰ কাৰ্যপন্থা ক্ষিপ্ৰতৰ কৰি তুলিছে।

 

Related News