NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ট্ৰাম্পৰ আশাত চেঁচা পানী! শান্তিৰ নোবেল বঁটা পালে ভেনিজুৱেলাৰ ৰাজনীতিবিদ মাৰিয়া ক’ৰিনা মাচাডোৱে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 10, 2025 3:19 pm

শুকুৰবাৰে ঘোষণা কৰা হ’ল ২০২৫ চনৰ শান্তিৰ নোবেল বঁটা।  ভেনিজুৱেলাৰ ৰাজনীতিবিদ মাৰিয়া কৰিনা মাচাডোক প্ৰদান কৰা হৈছে এই বঁটা।

 নোবেল কমিটীয়ে সামাজিক মাধ্যমত লিখিছে, “ভেনিজুৱেলাৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰৰ হকে মাত মাতি অহাৰ লগতে একনায়কত্ববাদী শাসকলৰ সমুখত ন্যায়সংগত আৰু শান্তিপূৰ্ণভাবে যুঁজ দিয়াৰ বাবে মাৰিয়া কৰিনা মাচাডোক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে।”

উল্লেখযোগ্য যে শান্তিৰ নোবেল বঁটাৰ ঘোষণাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। তেওঁ নিজকে বাৰে বাৰে নোবেল বঁটাৰ বাবে যোগ্য বুলি ঘোষণা কৰিছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বহুবাৰ উল্লেখ কৰিছে যে তেওঁ বিশ্বৰ বহু ঠাইত সামৰিক সংঘাত ৰোধ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ তেওঁ গাজাত হামাছ আৰু ইজৰাইলৰ মাজত প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি আনিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে। সেয়ে তেওঁ এই বঁটা লাভ পাবলৈ হাবিয়াস কৰিছিল।

কিন্তু ট্ৰাম্পৰ আশাত চেঁচা পানী পৰাৰ পিছত এতিয়া বিশ্বৰ ৰাজনৈতিক মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।