NORTHEAST NOW (Assamese)
অসম

ভেন্সাৰ স্কুলৰ প্ৰাদেশিকীকৰণৰ পদক্ষেপ বাজেটত

Posted by: এন ই নাও নিউজ February 6, 2019 1:34 pm
Assam Budget_Venture School

সকলোৰে মুখত হাঁহি দিয়াৰ চেষ্টাৰে আজি বিধানসভাত বিত্ত মন্ত্ৰী হিমন্ত বিশ্বই দাখিল কৰা ২০১৯-২০ বৰ্ষৰ বাজেটে আশাৰ ৰেঙনি আনিছে ভেন্সাৰ স্কুলবিলাকত কৰ্মৰত শিক্ষকসকললৈ।

‘উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে চৰকাৰে অসম শিক্ষা (শিক্ষকৰ সেৱাৰ প্ৰাদেশিকীকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পুনৰ্গঠন) আইন, ২০১৭-অৰ অধীনত ৰাজ্যখনত চলি থকা ভেন্সাৰ শিক্ষানুষ্ঠান আৰু শিক্ষক-কৰ্মচাৰীসকলক প্ৰাদেশিকৃত কৰাৰ সিদ্ধান্ত লৈছে।’, বাজেট ভাষণ পাঠ কৰি এইদৰে জনায় বিত্ত মন্ত্ৰীজনে।

ইয়াৰ বাবে ইতিমধ্যে ৩৫২ (৪৫খন উচ্চ শিক্ষা বিভাগৰ অধীনত) খন শিক্ষানুষ্ঠান চিনাক্ত কৰা হৈছে বুলি জনায়। প্ৰাথমিক শিক্ষা বিভাগৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ পিছত বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ সম্পূৰ্ণ কৰা হ’ব।

মন্ত্ৰীজনে জনোৱামতে, এই প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ বাবে জিলা আৰু ৰাজ্যিক পৰ্য্যায়ৰ পুনৰীক্ষণ সমিতিৰ পৰীক্ষাত উক্ত আইনৰ অধীনত ৩০৬খন শিক্ষা প্ৰতিষ্ঠান আৰু উচ্চ শিক্ষা বিভাগৰ অধীনত ৪৫খন শিক্ষানুষ্ঠান ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলিও মন্ত্ৰীজনে নিজৰ ভাষণত সদৰী কৰে।

‘প্ৰাথমিক শিক্ষা বিভাগৰ পুনৰীক্ষণৰ পিছতে এই শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণৰ কামো অতি শীঘ্ৰে আৰম্ভ হ’ব।’ বাজেটত এইদৰে কোৱা হৈছে।