NORTHEAST NOW (Assamese)
অসম

নিম্ন মানৰ নিৰ্মাণ কাৰ্য্য; মুকলি হোৱাৰ আগতে মাজভাগত খহিল পকী দলং

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ May 8, 2019 8:22 pm
IMG_20190508_181444

সৰুপেটাত বৰপেটা আৰু বাক্সা জিলা সংযোগী পথত  সোমবাৰে নিৰ্মীয়মান অৱস্থাত থকা এখন পকী দলং খহি পৰে।ঘটনাটোত কোনো লোক হতাহত হোৱা নাই।

এনেদৰে নিৰ্মীয়মান অৱস্থাত থকা এখন পকী দলং খহি পৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে অতি নিম্ন মানৰ সামগ্ৰীৰে দলং খন নিৰ্মাণ কৰা বাবে এনেদৰে খহি পৰা বুলি অভিযোগ উত্থাপন কৰে।

দলংখনৰ সমীপত আঁৰি থোৱা বেনাৰত উল্লেখ কৰা অনুসৰি  পকী দলং খনকে ধৰি মুঠ পাঁচ কিলোমিটাৰ পকী পথৰ বাবে ধনৰ আবণ্টন হৈছিল নিৰ্মাণ কাৰ্য্যটোত। বজালী মহকুমাৰ গনকপাৰাৰ এজন ঠিকাদাৰৰ তত্বাৱধানত ৫,৫৭,২০,০০০ টকা নিৰ্ধাৰিত ব্যয়ৰে ২০১৭ চনত দলং খনৰ নিৰ্মাঁণ কাৰ্য্য আৰম্ভ হৈছিল।

প্ৰধান মন্ত্ৰী গ্ৰাম স্বৰাজ যোজনাৰ অধীনত বাক্সা জিলাৰ মছলপুৰ মহকুমাৰ গড়কপ্তানি বিভাগৰ বিভাগীয় অভিযন্তাৰ তদাৰকত দলঙখনৰ নিৰ্মাণ কাৰ্য্য চলিছিল। স্থানীয় ৰাইজে এই সম্পৰ্কে অভিযোগ কৰা মতে, অতি নিম্ন মানৰ সামগ্ৰীৰে দলঙখনৰ নিৰ্মাণৰ কাম চলাইছিল ঠিকাদাৰে যাৰ ফলত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই মাজভাগত দলংখন খহি যায়।

উল্লেখযোগ্য, অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনৰ দাবীৰ অন্তত দলঙখন আৰু পথছোৱা মেৰামতিৰ কাম হাতত লোৱাত জনসাধাৰণে যোগাযোগ ব্যৱস্থা উন্নত হ’ব বুলি আশা কৰিছিল যদিও দলঙখন এনেদৰে ভাঙি যোৱাত সমগ্ৰ নিৰ্মাণ প্ৰক্ৰিয়াটো স্তব্ধ হৈ পৰিব বুলি সন্দেহ প্ৰকাশ কৰিছে।

তদুপৰি, অঞ্চলটোৰ সচেতন ৰাইজে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাই দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায়।