NORTHEAST NOW (Assamese)

৫ আগষ্টত শোণিতপুৰ ঠেলামৰাত বজৰং দলে উলিওৱা নাছিল ৰেলী : বিশ্ব হিন্দু পৰিষদৰ দাবী

August 7, 2020 3:55 pm · কল্পজ্যোতি শইকীয়া

যোৱা ৫ আগষ্টৰ দিনা ৰাম মন্দিৰৰ ভূমি পুজনৰ উপলক্ষে শোণিপুৰ জিলাৰ ঠেলামৰাত বজৰং দলে এক ৰেলী বাহিৰ কৰিছিল। সেই ৰেলী বাহিৰ কৰাৰ সময়তে কোনো দুৰ্বৃত্তই ৰেলীত অংশগ্ৰহণকাৰীক আক্ৰমণ কৰা বুলি ইতিমধ্যে খবৰ প্ৰচাৰ হৈছে।

ইতিমধ্যে বজৰং দলে ৰেলী কৰি গৈ থকাৰ ফটো ভাইৰেল হোৱাৰ লগতে সেই ৰেলীৰে কেইখনমান বাইক আৰু এখন মেজিক জ্বলাই দিয়া ফটো সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে।

কিন্তু তাৰ পাছতো এই কথা মানি ল’ব খোজা নাই বিশ্ব হিন্দু পৰিষদে। পৰিষদৰ মতে উক্ত দিনটোত ঠেলামৰা অঞ্চলত কোনোধৰণৰ বাইক ৰেলী অনুষ্ঠিত হোৱা নাছিল।

এই সন্দৰ্ভত উলুবাৰীস্থিত ৰাজ্যিক কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূৱ প্ৰান্তৰ সভাপতি ড০ মুনিন্দ্ৰ মোহন ডেকাই কয় ‘বিভিন্ন মহলত প্ৰচাৰ হোৱাৰ দৰে সেইদিনা বজৰং দলৰ কোনো ৰেলি উলিওৱা নাছিল। গৰুদোৱাৰ শিৱ মন্দিৰত কেইজনমান ভক্তই পুজা কৰি থকা অৱস্থাত কিছুসংখ্যক সন্দেহজনক লোকে আক্ৰমণ কৰি মাৰ-ধৰ কৰে। মন্দিৰৰ ভিতৰত থকা পুৰোহিতক চোঁচোৰাই আনি মাৰ পিট কৰে।‘

ইয়াৰোপৰি ডেকাই সংবাদমেলত কৰা অভিযোগ অনুসৰি ’১৪ জন হিন্দু লোকক সেই সন্দেহজনক লোকে বন্দী কৰি থয় আৰু পাকিস্তান জিন্দাবাদ ধ্বনি দিবলৈ কয়। অন্যথা প্ৰাণে মৰাৰ ভাবুকি দিয়ে।‘

উক্ত সংবাদমেলৰ জৰিয়তে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আহ্বান জনাই ডেকাই কয় ‘বিশ্ব হিন্দু পৰিষদে এই হিন্দু বিৰোধী তথা ভাৰত বিৰোধী শক্তিসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ দাবী জনাইছো।‘

আজি সন্ধ্যাভাগত এই সম্পৰ্কত বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বই মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি অৱগত কৰিব বুলি ডেকাই সংবাদমেলত জানিবলৈ দিয়ে।

Related News