NORTHEAST NOW (Assamese)
অসম

আহমেদাবাদৰ গীৰ্জাত বিশ্ব হিন্দু পৰিষদৰ কৰ্মীৰ তাণ্ডৱ; ইষ্টাৰ ছানডেত খ্ৰীষ্টানসকলক ভাবুকি!

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 21, 2025 8:51 am

দেওবাৰে ইষ্টাৰ ছানডেত আহমেদাবাদৰ ওধৱৰ এটা গীৰ্জাত হিন্দু জাতীয়তাবাদী সংগঠনৰ সদস্যই তাণ্ডৱৰ সৃষ্টি কৰি শান্তিপূৰ্ণ প্ৰাৰ্থনা অনুষ্ঠানত ব্যাঘাত জন্মায়।

এটা ভিডিঅ’ত (নৰ্থ ইষ্ট নাওৱে এই ভিডিঅ’ৰ সত্যাসত্য পৰীক্ষা কৰা নাই) বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে ছুৰী আৰু লাঠিকে ধৰি অস্ত্ৰ-শস্ত্ৰ লৈ গীৰ্জাত প্ৰৱেশ কৰি প্ৰাৰ্থনাৰ সময়ত মহিলা আৰু শিশুক ভাবুকি দিয়া দেখা গৈছে।

গীৰ্জাঘৰৰ ভিতৰতে লোককেইজনে জয়শ্ৰী ৰাম শ্লোগান দিয়া শুনা যায়।

হিন্দু জাতীয়তাবাদী সংগঠনটোৰ কৰ্মীসকলে বলপূৰ্বক ধৰ্মান্তৰকৰণৰ অভিযোগ উত্থাপন কৰিছিল যদিও কোনো প্ৰমাণ দিয়া হোৱা নাছিল।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতো আহমেদাবাদ আৰক্ষীয়ে এই কাণ্ডক তুচ্ছজ্ঞান কৰি কয় যে ভিএইচপিৰ সদস্যসকলে ধৰ্মান্তৰকৰণৰ সন্দেহ কৰি গীৰ্জাটোলৈ “গৈছিল”।

কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু কোনো এফআইআৰ পঞ্জীয়ন কৰা হোৱা নাই।

ভাইৰেল ভিডিঅ’টোৰ প্ৰতি সঁহাৰি জনাই আহমেদাবাদ আৰক্ষীয়ে এক্স পোষ্টত কয়, ‘’ভিএইচপিৰ কৰ্মীসকলে ধৰ্মান্তৰকৰণৰ সন্দেহ কৰি সেই স্থানলৈ গৈছিল, আৰু তাৰ কিছু সময়ৰ পিছতে আৰক্ষী উপস্থিত হৈছিল। ওধৱ থানাত সন্দেহযুক্ত ধৰ্মান্তৰকৰণৰ সন্দৰ্ভত ভিএইচপি কৰ্মীসকলে আবেদন দাখিল কৰিছে। তাত অপহৰণ বা আটক কৰি ৰখাৰ কোনো ঘটনা সংঘটিত হোৱা নাই। কোনো ধৰণৰ হিংসা বা আন অপ্ৰীতিকৰ কাণ্ড সংঘটিত হোৱা নাই। খ্ৰীষ্টান নেতাসকল বৰ্তমান থানাত আছে আৰু কোনো আনুষ্ঠানিক অভিযোগ দাখিল কৰা নাই।‘’