NORTHEAST NOW (Assamese)

দ্বিতীয়বাৰৰ বাবে কোভিডত আক্ৰান্ত উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

January 23, 2022 6:59 pm · এন ই নাও নিউজ,গুৱাহাটী

কোভিডে এতিয়া দেশত কালান্তক ৰূপ ধাৰণ কৰাৰ সময়তে দ্বিতীয়বাৰৰ বাবে কোভিডত আক্ৰান্ত হ’ল উপ-ৰাষ্ট্ৰপতি
এম ভেংকায়া নাইডু।

দেওবাৰে উপ-ৰাষ্ট্ৰপতি নাইডুৰ কোভিড-১৯ ৰ পৰীক্ষাৰ ফলাফল পজিটিভ আহে । দ্বিতীয়বাৰৰ বাবে যে নাইডু ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। উপ-ৰাষ্ট্ৰপতি সচিবালয়ে টুইটাৰযোগে এই ঘোষণা কৰিছে।

কোভিডত আক্ৰান্ত হোৱাৰ পিছতে নাইডু আইছ’লেছনত থকা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

হায়দৰাবাদত থকা উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে আজি কোভিড পজিটিভ ধৰা পৰে।

তেওঁ তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে পৰীক্ষা কৰোৱাবলৈ পৰামৰ্শ দিছে। কোভিডত পুনৰ বাৰ আক্ৰান্ত হোৱাৰ বাবেই গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰাৰ সম্ভাৱনা শূন্য হৈ পৰিল।

Related News