NORTHEAST NOW (Assamese)

তামিলনাডুত জিলিকিছে কমলা হেৰিছৰ পোষ্টাৰ; শিপাৰ সন্ধানে আমনি কৰিছে কমলাক

August 17, 2020 10:21 am · এন ই নাও নিউজ
Updated: August 17, 2020 2:17 pm

ভাৰতীয় মূলৰ ডেম’ক্ৰেটিক দলৰ মাৰ্কিন উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছক লৈ এতিয়া আশাবাদী তামিলনাডুবাসী।

কাৰণ কমলা হেৰিছৰ মূল শিপাৰ সংযোগ আছে তামিলনাডুৰ সৈতে। কমলা হেৰিছৰ মাতৃ শ্যামলা গোপালনৰ জন্ম হৈছিল চেন্নাইত।

১৯৩৮ চনৰ ৭ এপ্ৰিলত চেন্নাইত জন্মগ্ৰহণ কৰা শ্যামলা গোপালনে ১৯৫৮ চনত বাৰ্কলেৰ কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ত অধ্যয়নৰ সুযোগ লাভ কৰিছিল।

তিয়া তেওঁৰ বয়স মাত্ৰ ১৯ বছৰ।

বিশ্ববিদ্যালয়ত অধ্যয়ন সমাপ্ত কৰাৰ পিছতে তেওঁ আমেৰিকাতে গৱেষণা আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত কৰ্কট ৰোগৰ বিষয়ত তেওঁ ভালেমান উল্লেখনীয় গৱেষণা সফলতাৰে সম্পন্ন কৰিছিল।

জামাইকাৰ অৰ্থনীতিৰ ছাত্ৰ ডনাল্ড জে হেৰিছক লগ পোৱাৰ পিছত ১৯৬৩ চনত শ্যামলাৰ সৈতে হেৰিছৰ বিবাহ হৈছিল।

কমলাৰ মাতৃ শ্যামলাই মাৰ্কিন নাগৰিকত্ব গ্ৰহণ কৰিছিল যদিও ভাৰতৰ সৈতে তেওঁ বজাই ৰাখিছিল নিয়মীয়া সম্পৰ্ক।

সেইবাবেই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ পদত প্ৰাৰ্থিত্ব আগবঢ়োৱা কমলাক এতিয়া তামিলনাডুৰ জনতাই শুভেচ্ছা আৰু আশীৰ্বাদেৰে ওপচাই দিছে।

তামিলনাডুৰ বিভিন্ন স্থান তামিল ভাষাতে লিখা পোষ্টাৰেৰে ভৰি পৰিছে।

পোষ্টাৰত লিখা হৈছে ‘পিভি গোপালনৰ নাতিনীয়েক বিজয়ী হ’ব’।

তামিলমাডুবাসীৰ এনে মৰমত এতিয়া আপ্লুত মাৰ্কিন উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছ।

মাতৃৰ জন্মভূমিলৈ অহাৰ দুৰ্বাৰ বাসনা জাগিছে তেওঁৰ মনত।

Related News