NORTHEAST NOW (Assamese)

‘বিজয় আৰু বিফলতা গণতন্ত্ৰৰ অবিচ্ছেদ্য অংগ’, পৰাজিত ঋষি সুনাকক সান্ত্বনা ৰাহুল গান্ধীৰ

July 7, 2024 5:15 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

১৪ বছৰৰ পিছত ব্ৰিটেইনৰ ৰাজনীতিলৈ আহিছে বৃহৎ পৰিবৰ্তন। শাসকীয় কনজাৰ্ভেটিভ পাৰ্টিক পৰাজিত কৰি ব্ৰিটেইনৰ মছনদ দখল কৰিছে লেবাৰ পাৰ্টিয়ে।

ইয়াৰ লগে লগে অন্ত পৰিছে ঋষি সুনাকৰ প্ৰধানমন্ত্ৰীত্ব। ভাৰতীয় মূলৰ ঋষি সুনাকক পৰাস্ত কৰি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ গাদী দখলৰ বাবে আগবাঢ়িছে কেইৰ ষ্টাৰমাৰ।

এই পৰিস্থিতিত ঋষি সুনাকক সমবেদনা জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে । ৰাহুলে কয় যে বিজয় আৰু পৰাজয় গণতন্ত্ৰৰ অবিচ্ছেদ্য অংগ।

ৰাহুল গান্ধীৰ সুনাকক সমবেদনা জ্ঞাপন কৰি এক্স হেণ্ডেলত লিখিছে, ‘বিজয় আৰু বিফলতা দুয়োটা গণতন্ত্ৰৰ যাত্ৰাৰ অবিচ্ছেদ্য অংগ। আমি এই দুইটাকে গ্ৰহণ কৰিব লাগিব। জনসেৱাৰ প্ৰতি সমৰ্পণ আৰু মানুহৰ প্ৰতি আপোনাৰ দায়বদ্ধতা প্ৰশংসনীয়। লগতে আপোনাৰ সময়ত আপুনি ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ যিদৰে চেষ্টা কৰিছে সেয়াও প্ৰশংসনীয়। মোৰ বিশ্বাস, আপুনি আপোনাৰ অভিজ্ঞতাৰ পৰা জনগণৰ সেৱা কৰি থাকিব।’

Related News