NORTHEAST NOW (Assamese)

Video|| শিৰত ‘ৰাষ্ট্ৰদ্ৰোহ’ লৈ প্ৰথম প্ৰতিক্ৰিয়া ৮০ বছৰীয়া হীৰেন গোহাঁইৰ

January 10, 2019 5:47 pm · কল্পজ্যোতি শইকীয়া
Updated: January 11, 2019 12:10 pm
হীৰেন গোহাঁই।

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হোৱাৰ পিছতে বৃহস্পতিবাৰে নৰ্থ ইষ্ট নাও-ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হীৰেন গোহাঁয়ে।

বৰ্ষীয়ান বুদ্ধিজীৱীগৰাকীৰ লগতে অখিল গগৈ আৰু মনজিত মহন্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি)/২১২/১২৩/১২৪ (A) ধাৰাৰ অধীনত লতাশিল আৰক্ষীয়ে নিজাববীয়াকৈ (suo moto) ৰুজু কৰিছে এই গোচৰ (নং ১৫/২০১৯)।

বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰাক লৈ ইতিমধ্যে আছু, আলফা (স্বাধীন), কৃষক মুক্তি সংগ্ৰাম সমিতি, কংগ্ৰেছ, অগপকে ধৰি বিভিন্ন দল-সংগঠন-ব্যক্তিৰ তীব্ৰ সমালোচনাৰ মুখত পৰিছে সৰ্বানন্দ সোণোৱাল চৰকাৰ।

লগতে পঢ়ক– ড০ গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ: গৰজি উঠিল আলফা(স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা

লগতে পঢ়ক– বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে লতাশিল থানাত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা বিতৰ্কিত নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰে গুৱাহাটীত যোৱা ৭ জানুৱাৰিত আয়োজিত এক প্ৰতিবাদী সভাত কৰা মন্তব্যৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিছে আৰক্ষীয়ে।

বিক্ষোভ নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে গুৱাহাটীত ১৪৪ ধাৰা জাৰি কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ, দিচপুৰ, ভঙাগড় আৰু হাতীগাওঁ থানা এলেকাত এই ধাৰা জাৰি কৰি নিষিদ্ধ কৰা হৈছে ৫ জনতকৈ অধিক লোকৰ সমাৱেশ।

Related News