NORTHEAST NOW (Assamese)
অসম

আৰক্ষী ৰাজ! মহানগৰীত যান-বাহন আৰক্ষীয়ে ৰাজপথতে মটৰ চাইকেল আৰোহীক প্ৰহাৰ কৰা দৃশ্য ভাইৰেল

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী March 19, 2022 7:04 am
WhatsApp Image 2022-03-18 at 11.01.25 PM

গুৱাহাটী মহানগৰীত কৰ্তব্যৰত যান-বাহন আৰক্ষীয়ে এগৰাকী মটৰচাইকেল আৰোহীক কেমেৰাৰ সন্মুখতে আক্ৰমণ কৰা দৃশ্য ভাইৰেল হোৱাৰ পিছতেই কঠোৰ হ’ল আৰক্ষী প্ৰশাসন ৷

ৰাজপথত মটৰচাইকেল আৰোহীৰ ওপৰত শাৰিৰীক নিৰ্যাতন চলোৱা যান-বাহন আৰক্ষী ফকৰুদ্দিন আহমেদক তাৎক্ষণিকভাৱে  নিলম্বন কৰা হৈছে৷

লগতে পঢ়ক: দিহানামৰ জনক লোক শিল্পী বদন মলিয়া আৰু নাই

পল্টনবজাৰ থানাত যান-বাহন আৰক্ষীৰ কনিষ্টবল হিচাপে কৰ্মৰত আছিল ফকৰুদ্দিন আহমেদ।

আহমেদে এজন মটৰ চাইকেল আৰোহীক ৰাজপথতে প্ৰহাৰ কৰিছিল আৰু পিছত ঘটনাস্থলীত উপস্থিত থকা আন আৰক্ষীকেইগৰাকীয়েও মটৰচাইকেল আৰোহীজনক প্ৰহাৰ কৰি কৰায়ত্ত কৰিছিল।  

মটৰচাইকেল আৰোহীজনৰ নাম বিকি প্ৰসাদ গুপ্তা আৰু আৰক্ষীৰ সৈতে মাৰপিটত লিপ্ত হোৱাৰ অভিযোগত তেওঁকো কাৰাগাৰালৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক: মাজবাট আৰক্ষীয়ে পাহাৰপুৰত চাৰিখনকৈ বিলাসী বাহনৰ পৰা জব্দ কৰিলে ৬৩০ কিলোগ্ৰাম গাঞ্জা

ইপিনে, পল্টন বজাৰ যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ চন্দ্ৰ ডেকাৰ  বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু তেওঁৰ ৰিজাৰ্ভ ক্ল’জ কৰাৰ নিৰ্দেশ দিছে।