NORTHEAST NOW (Assamese)

জনতাৰ ৰোষৰ বলি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ! ভাঙি দিলে গাড়ীৰ খিৰিকী; ভাইৰেল ভিডিঅ’

October 7, 2023 11:21 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

সম্প্ৰতি পাকিস্তানৰ সামগ্ৰিক অৱস্থা ক্ৰমান্বয়ে শোচনীয় হৈ পৰিছে। ইতিমধ্যে দেশত ভয়াৱহ অৰ্থনৈতিক সংকটে দেখা দিছে। আনহাতে, দেশত ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে। ইপিনে, নিৰ্বাচনৰ ঘোষণাৰ মাজতে চলিত মাহৰ ২১ অক্টোবৰত দেশলৈ উভতি আহিব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ।

কিন্তু পাকিস্তানৰ জনসাধাৰণৰ মাজত নৱাজ শ্বৰীফ আৰু তেওঁৰ ভাতৃ পাকিস্তানৰ সদ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। বৰ্তমান দৰিদ্ৰতা আৰু ৰাজনৈতিক অস্থিৰতাই দেশখনক পিছলৈ টানি নিয়াৰ বাবে মূলতঃ পাকিস্তানৰ জনসাধাৰণে এই পূৰ্বৰ শাসকসকলকে দোষাৰোপ কৰিছে।

লগতে পঢ়কঃ কূটনীতিবিদসকলক ভাৰতৰ পৰা ছিংগাপুৰ আৰু মালয়েছিয়ালৈ স্থানান্তৰিত কৰিলে কানাডাই

কেৱল সেয়াই নহয়, ক্ষুব্ধ ৰাইজে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ গাড়ীতো আক্ৰমণ চলায়। আনকি, উন্মত্ত জনতাই গাড়ীৰ খিৰিকী ভাঙি পেলায়।

বাতৰি অনুসৰি জানিব পৰা গৈছে যে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন)ৰ সভাপতি শ্বাহবাজ শ্বৰীফৰ গাড়ীত ক্ষুব্ধ জনতাৰ এটা দলে আক্ৰমণ চলাইছিল। পঞ্জাৱ প্ৰদেশৰ ৰাজধানী লাহোৰত সংঘটিত হৈছে এই ঘটনা। ইয়াক এসময়ত তেওঁৰ দলৰ দুৰ্গ বুলি গণ্য কৰা হৈছিল।

লগতে পঢ়কঃ Asian Games 2023: মহিলা কাবাডীত চীনা টাইপেইক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিলে ভাৰতে

যোৱা বৃহস্পতিবাৰে “এক্সপ্ৰেছ নিউজে” এই তথ্য সদৰী কৰি এই ঘটনা বুধবাৰে গভীৰ নিশা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে। সেই সময়ত লাহোৰত ক্ষুব্ধ ৰাইজে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বাহবাজৰ গাড়ীত আক্ৰমণ চলাই গাড়ীৰ খিৰিকী ভাঙি পেলায়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেওঁৰ সৈতে হোৱা দুৰ্ব্যৱহাৰৰ বিষয়টোও চৰ্চালৈ আহিছে।

ঘটনা অনুসৰি, শ্বাহবাজ শ্বৰীফে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ সমষ্টিৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিবলৈ ভ্ৰমণত আছিল। কিন্তু, ঠিক তেতিয়াই উত্তেজিত ৰাইজে তেওঁৰ গাড়ীখন ৰখাই তেওঁক আক্ৰমণ কৰে। সমগ্ৰ ঘটনাৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে যোৱা বৃহস্পতিবাৰে শ্বৰীফে কয় যে তেওঁ জনপ্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰি গাড়ী ৰখাই দিয়াসকলৰ কথা মনোযোগেৰে শুনিছিল। শ্বৰীফে লগতে দাবী কৰে যে তেওঁলোক সকলোৱে নিজৰ সমস্যাৰ কথা জনাইছিল।

Related News