NORTHEAST NOW (Assamese)
Popular Stories

মহাবিদ্যালয়ৰ বাথৰুমত মহিলাৰ ভিডিঅ’ ৰেকৰ্ডিং ছাত্ৰৰ! মহিলাক দিছিল মৃত্যুৰো ভাবুকি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 21, 2024 5:27 pm

শুকুৰবাৰে মহাবিদ্যালয়ৰ বাথৰুমত মহিলাৰ ৰেকৰ্ডিং কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় এগৰাকী ২১ বছৰীয়া অভিযান্ত্ৰিক ছাত্ৰ।

অভিযুক্তই ৰেকৰ্ডিং কৰি ধৰা পৰাৰ পাছতে অভিযোগকাৰীক ভাবুকি দিয়ে। অভিযোগ অনুসৰি যদিহে তেওঁলোকে বিষয়টো সন্দৰ্ভত আনক খবৰ দিয়ে তেন্তে তেওঁলোকক হত্যা কৰাৰ ভাবুকি দিছিল। অভিযোগকাৰীয়ে দাবী কৰে যে অভিযুক্তই নিজৰ ফোনত ৰেকৰ্ডিং কৰি ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰি আছিল।

ঘটনা পোহৰলৈ অহাৰ পাছতে মহাবিদ্যালয় চৌহদত ব্যাপক প্ৰতিবাদ। দৃশ্যত দেখা গৈছে যে আৰক্ষীয়ে তেওঁলোকক শান্ত কৰিবলৈ চেষ্টা কৰাৰ সময়ত পুৰুষ-মহিলা উভয়কে ধৰি শতাধিক প্ৰতিবাদকাৰীয়ে বিষয়টোক লৈ আন্দোলন কৰিছিল।

যোৱা ১৯ ছেপ্টেম্বৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পিছতে পাঠদান স্থগিত ৰখা হৈছিল।

আৰক্ষীৰ সূত্ৰই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেক জনোৱা মতে, ছাত্ৰজনে মোবাইলত প্ৰায় ৮টা ভিডিঅ’ ৰেকৰ্ডিং কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰে যে ২১ বছৰীয়া যুৱকজন হয়তো অভ্যাসগত অপৰাধী আছিল।

অভিযোগকাৰীসকলে উত্থাপন কৰা অভিযোগৰ বিষয়ে জানিবলৈ বিষয়টোৰ অধিক তদন্ত অব্যাহত আছে।