NORTHEAST NOW (Assamese)

অস্কাৰৰ দৌৰত এইবাৰ শ্বৰ্ট ফিল্ম ‘নটখট’; উৎফুল্লিত বিদ্যা বালান

January 17, 2021 9:48 am · এন ই নাও নিউজ
'নটখট' ছবিৰ এটি দৃশ্যত শিশুশিল্পীৰ সৈতে বিদ্যা বালান।

অস্কাৰৰ দৌৰত এইবাৰ চামিল হৈছে বিদ্যা বালানৰ শ্বৰ্ট ফিল্ম ‘নটখট’। শনিবাৰে প্ৰযোজনা সংস্থা RSVPৰ ফালৰ পৰা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ এটা টুইট শ্বেয়াৰ কৰা হয়।

টুইটটোত প্ৰিয়ংকাই অস্কাৰৰ দৌৰত চামিল হোৱা বাবে ‘নটখট’ৰ টীমক অভিনন্দন জনাইছে। প্ৰিয়ংকাৰ এই টুইট শ্বেয়াৰ কৰি নিজৰ আনন্দ প্ৰকাশ কৰিছে বিদ্যা বালানে।

শান ব্যাস পৰিচালিত এই শ্বৰ্ট ফিল্মখনৰ যৌথ প্ৰযোজনাত আছে অভিনেত্ৰী বিদ্যা বালানো। ৰনি স্ক্ৰুৱালাৰ সৈতে তেওঁ ছবিখন প্ৰযোজনা কৰিছে।

ছবিখনত পুত্ৰ ছনুক লিংগ বৈষম্যৰ গুৰুত্ব বুজাইছে বিদ্যা বালানৰ চৰিত্ৰটোৱে। চনুৰ চৰিত্ৰত অভিনয় কৰিছে শিশুশিল্পী চানিকা পেটেলে। চনুৰ পিতৃৰ ভূমিকাত অভিনয় কৰিছে অভিনেতা ৰাজ অৰ্জনে।

৯৩সংখ্যক একাডেমী এৱাৰ্ডছৰ লাইভ একশ্যন শ্বৰ্ট কেটেগুৰিৰ চূড়ান্ত পৰ্যায়ৰ মনোনয়ন লাভ কৰাৰ বাবে যুঁজ দিছে ভাৰতীয় ছবিখনে।

‘নটখট’ৰ বাহিৰেও এই কেটেগুৰিত চূড়ান্ত মনোনয়নৰ বাবে দৌৰত আছে ভাৰতৰ আৰু দুখন শ্বৰ্ট ফিল্ম।

ইয়াৰে এখন হৈছে কিথ গোমছ পৰিচালিত আৰু ছায়নী গুপ্ত অভিনীত ‘ছেইমলেছ’ আৰু আনখন তুষাৰ ত্যাগী পৰিচালিত আৰু আদিল হুছেইন অভিনীত ছবি ‘ছেভিং চিন্টু’।

আনহাতে, ফিল্ম ফেডাৰেশ্যন ইণ্ডিয়াৰ এইবাৰ অস্কাৰত ভাৰতৰ ফালৰ পৰা পঠিওৱা হৈছে মালয়ালম ছবি ‘জাল্লিকাট্টু’।

বিদ্যা বালানৰ ‘নটখট’ ছবিখনে ইতিমধ্যে য়ুটিউবৰ ‘উই আৰ ওৱান: এ গ্ল’বেল ফিল্ম ফেষ্টিভেল’ত প্ৰশংসা লাভ কৰিছে। তদুপৰি, ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ মেলব’ৰ্ণৰ উদ্বোধনী ছবিও আছিল ‘নটখট’।

Related News