NORTHEAST NOW (Assamese)

সাগৰীয় ধুমুহা ভামকোৰ সংহাৰত বিধ্বস্ত ভিয়েটনাম, ফিলিপাইনছত মৃত্যু ৫৩ জনৰ

November 14, 2020 6:41 pm · এন ই নাও নিউজ

সাগৰীয় ধুমুহাই তচনচ কৰি পেলাইছে ভিয়েটনামৰ লগতে ফিলিপাইনছৰ জনজীৱন।

বিশ্বৰ শক্তিশালী সাগৰীয় ধুমুহাবোৰৰ ভিতৰৰে অন্যতম ভামকোই যোৱা নিশাৰে পৰা সংহাৰৰ সৃষ্টি কৰিছে ভিয়েটনামৰ উপকূলীয় অঞ্চলকে ধৰি ফিলিপাইনছৰ কেইবাটাো দ্বীপত।

ধুমুহাৰ ফলত ভিয়েটনামত উভালি পৰিছে শ শ গছ-গছনি। ধুমুহাৰ সমান্তৰাল ভাবে আৰম্ভ হোৱা বৰষুণৰ ফলত ভিয়েটনামৰ বহু অঞ্চল জলমগ্ন হৈ পৰিছে। ভামকো ধুমুহাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ফিলিপাইনছ।

ফিলিপাইনছৰ লুজন দ্বীপকে ধৰি কায়াগান আৰু ইছাবেলা দ্বীপত ধুমুহাই মহা সংহাৰৰ সৃষ্টি কৰিছে। এতিয়ালৈকে দুমুহাৰ কৱলত পৰি ফিলিপাইনছত ৫৩ জন লোকৰ মৃত্যু ঘটিছে।

আটাইকেইটা দ্বীপতে হোৱা ধাৰাষাৰ বৰষুণৰ ফলত  বংহৎ অঞ্চলত বানৰ সৃষ্টি হৈছে। ভামকো ধুমুহাই ভিয়েটনামত প্ৰায় ৮ লাখ লোকক ক্ষতিগ্ৰস্ত কৰাৰ লগতে ফিলিপাইনছত ক্ষতিগ্ৰস্ত হৈছে ৪ লাখ ৬৮ হাজাৰ লোক।

ফিলিপাইনছত সেনাই হেলিকপ্তাৰ ব্যৱহাৰ কৰি উদ্ধাৰ অভিযান চলাই গৈছে।

বিভিন্ন ঠাইৰ পৰা পাহাৰ খহি পৰাৰ খবৰো আহিছে।ফিলিপাইনছৰ চৰকাৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দেশবাসীক ধৈৰ্য হেৰুৱাই নেপেলাবলৈ আহ্বান জনাইছে।

দুৰ্যোগৰ ফলত নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা আছে।

Related News