NORTHEAST NOW (Assamese)

বিবাহপাশত আৱদ্ধ হ’ল বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মন্দানা

February 26, 2026 9:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 26, 2026 8:37 pm

অৱশেষত অপেক্ষাৰ অন্ত পৰিল আৰু বিবাহপাশত আৱদ্ধ হ’ল দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা বিজয় দেৱেৰাকোণ্ডা আৰু অভিনেত্ৰী ৰশ্মিকা মন্দানা। দীৰ্ঘদিন ধৰি চলি থকা সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই এই তাৰকা যুটীটোৱে নতুন জীৱনৰ পাতনি মেলিছে। ২৬ ফেব্ৰুৱাৰীত ৰাজস্থানৰ উদয়পুৰত পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত সম্পূৰ্ণ তেলেগু পৰম্পৰা অনুসৰি তেওঁলোকৰ বিয়া সম্পন্ন হয়।

বৰ্তমান চ’ছিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি বিনোদন জগতৰ সকলোতে কেৱল তেওঁলোকৰ বিয়াৰ কথাই চৰ্চা লাভ কৰিছে। ইয়াৰ মাজতে এই নৱবিবাহিত দম্পতীয়ে তেওঁলোকৰ বিয়াৰ প্ৰথমখন ছবি ৰাজহুৱা কৰিছে, যিয়ে অনুৰাগীসকলৰ মাজত ব্যাপক উছাহৰ সৃষ্টি কৰিছে।

এই বিয়াখনক কেন্দ্ৰ কৰি ইণ্টাৰনেটত আন এক আমোদজনক খবৰ ভাইৰেল হৈ পৰিছে। চ’ছিয়েল মিডিয়াত বিয়পি পৰা কেইটামান স্ক্ৰীণশ্বটত দেখা গৈছে যে বিজয় আৰু ৰশ্মিকা দুয়োৰে উইকিপিডিয়া পৃষ্ঠাত বৈবাহিক স্থিতি সলনি কৰা হৈছে। তাত তেওঁলোকক পৰস্পৰৰ স্বামী-স্ত্ৰী হিচাপে উল্লেখ কৰা হৈছে আৰু বিবাহৰ বছৰ হিচাপে ২০২৬ চন লিখা আছে। ইনষ্টাগ্ৰাম আৰু এক্সত এই খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীসকলে ইয়াক বিয়াৰ এক প্ৰকাৰৰ অফিচিয়েল কনফাৰ্মেশ্যন বুলি ক’বলৈ আৰম্ভ কৰিছে।

অৱশ্যে মন কৰিবলগীয়া কথাটো হ’ল যে উইকিপিডিয়া এটা মুকলি প্লেটফৰ্ম য’ত যিকোনো ব্যক্তিয়ে তথ্য সম্পাদনা কৰিব পাৰে। সেয়েহে এই পৰিৱৰ্তন কোনো অনুৰাগীয়েও কৰিব পাৰে। তথাপিও ইমান কম সময়ৰ ভিতৰতে এনেদৰে তথ্য ভাইৰেল হোৱাটোৱে প্ৰমাণ কৰে যে বিজয় আৰু ৰশ্মিকাৰ বিয়াক লৈ জনসাধাৰণৰ মাজত কিমান আগ্ৰহ আছিল। বৰ্তমান সকলোৱে এই নতুন দম্পতীটোক তেওঁলোকৰ আগন্তুক দিনবোৰৰ বাবে শুভেচ্ছা জনাইছে।

Related News