NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আক্ৰমণত আহত এজন লোক; দলগাঁৱত আতংক

April 3, 2021 11:54 am · ময়ূখ গোস্বামী
ফটো: নৰ্থইষ্ট নাও।

শনিবাৰে দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা দুটা এশিঙীয়া গঁড়ে ওচৰৰে দলগাঁৱৰ চৰাঞ্চলৰ গাঁওত প্ৰৱেশ কৰি স্থানীয় বাসিন্দাৰ মাজত আতংকৰ সৃষ্টি কৰে।

মুক্তভাৱে বিচৰণ কৰি থকা গঁড় দুটাই দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কনাকাটা পাৰা আৰু গাধাইঝাৰকে ধৰি কেইবাখনো গাঁৱত ঘুৰি ফুৰাৰ ফলত বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

অঞ্চলটোত বিশ্ব বিখ্যাত বন্য জন্তু দুটাক চোৱাৰ বাবে হুলস্থুল লগাই ৰাইজে ভিৰ কৰে যাৰ ফলত গঁড় দুটাও আতংকিত হৈ হিংস্ৰ হৈ পৰে।

গঁড়ৰ আক্ৰমণত গাধাইঝাৰৰ এগৰাকী বাসিন্দা ছংছেৰ আলী আহত হোৱা বুলি জানিব পৰা গৈছে।

অৱশ্যে চৰকাৰীভাৱে এই কথা এতিয়াও নিশ্চিত কৰা হোৱা নাই।

ইয়াৰ মাজতে বন কৰ্মী আৰু স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু কোনো ক্ষয় ক্ষতি নোহোৱাকৈ বিচৰণ কৰি থকা গঁড় দুটাক বনাঞ্চললৈ ঘুৰাই পঠোৱাৰ বাবে অভিযান অব্যাহ ৰাখিছে।

Related News