NORTHEAST NOW (Assamese)
অসম

এখন গাঁওত উঠিছে মাছৰ উজান; মাত্ৰ ৫০টকা কিলো দৰতে ক্ৰয় কৰিছে দুখন গাঁৱৰ লোকে, ক’ত?

Posted by: নীলমনি শর্মা Updated by: নীলমনি শর্মা March 29, 2021 12:18 pm
Fish krishnai final

চৌদিশে নিৰ্বাচনৰ গৰম বতাহ। গাৱঁৰ চূকে কোণে নিৰ্বাচনক লৈ সৰৱ আলোচনা,কাক দিম ভোট কোনে জিকিব ইত্যাদি।

নিৰ্বাচনৰ এই পৰিবেশৰ মাজতে মাছৰ উজান উঠিছে গোৱালপাৰাৰ এখন গাৱঁত।

কি মাছ লাগিব ৰৌ, চিতল,বৰালী নে ৰূপ চান্দা? মুঠতে দমে দমে মাছৰ উজান উঠিছে। গোৱালপাৰাৰ বলবলাৰ টিয়াপাৰাত উঠিছে মাছৰ এই উজান ৷

লোকসকলে মাছ নিবলৈ হাতে হাতে মোনা লৈ ঢাপলি মেলিছে ৰাজহুৱা পুখুৰীলৈ ৷ মাত্ৰ ৫০/টকা প্ৰতি কিলো দৰত মাছ ক্ৰয় কৰিব দুখন গাওঁৰ লোকে।

জিলাখনৰ বলবলাৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ আঁতৰৰ  টিয়াপাৰাত প্ৰতিবছৰে ৰাজহুৱা পুখুৰীত এনেদৰে মাছ ধৰি লগে ভাগে খোৱাটো এটা পৰম্পৰাত পৰিণতিত হৈছে।

অৱশ্যে মাছৰ বাবে প্ৰত্যেকে প্ৰতি কিলোত আদায় দিয়ে পঞ্চাশ টকা ৷

গাৱঁখনৰ ইতিবাচক দিশটো হ’ল মাছ বিক্ৰী সমুদায় ধন জমা ৰাখে বেংকত আৰু আলোচনা মৰ্মে সেই ধনৰে গাওঁখনৰ বিভিন্ন উন্নয়নমুলক কামকাজ কৰা হয় প্ৰতিবছৰে।

এনেদৰেই টিয়াপাৰাত সমূহীয়া মৎস্য চিকাৰ কৰাতো এটা পৰম্পৰাত পৰিণত হৈ আহিছে।