NORTHEAST NOW (Assamese)

ভাৰতীয় ফুটবল দলৰ প্ৰস্তুতি শিবিৰলৈ নিৰ্বাচিত বিনীত ৰায়

May 17, 2019 10:48 am · এন ই নাও নিউজ

অসম ফুটবল প্ৰেমীৰ বাবে আন এখ সুখবৰ। জুন মাহৰ আৰম্ভণিতে থাইলেণ্ডত হ’ব লগীয়া কিংছ কাপৰ বাবে ভাৰতীয় ফুটবল দলৰ প্ৰস্তুতি শিবিৰলৈ আমণ্ট্ৰণ লাভ কৰিছে অসমৰ অত্যন্ত প্ৰতিভাশালী ফুটবলাৰ বিনীত ৰায়।

ভাৰতীয় ফুটবল দলৰ নৱ নিযুক্ত প্ৰশিক্ষক ইগ’ৰ ষ্টিমাচে আগন্তুক প্ৰতিযোগিতাখনৰ প্ৰস্তুতিৰ বাবে ৩৭ গৰাকী ফুটবলাৰক শিবিৰলৈ আমন্ত্ৰণ জনাইছে।

অৱশ্যে এই শিবিৰৰ পৰা বাদ পৰিছে অসমৰ হলিচৰণ নাৰ্জাৰী। বিগত কেইবা বছৰ ধৰি ভাৰতীয় মূল দলৰ নিয়মীয়া সদস্য হলিচৰণক আঘাতজনিত সমস্যাৰ বাবেই প্ৰস্তুতি শিবিৰলৈ আমন্ত্ৰণ জনোৱা নাই বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখ্য যে সদ্য সমাপ্ত আই এছ এলৰ দিল্লী ডায়নামোজক প্ৰতিনিধিত্ব কৰা বিনীত ৰায়ে ঘৰুৱা ফুটবলত দেখুৱাই অহা উন্নত প্ৰদৰ্শন তথা ধাৰাবাহিকতাৰ বাবেই ভাৰতীয় শিবিৰলৈ আমন্ত্ৰিত হৈছে।

ইয়াৰ পূৰ্বে বিনীতে এ এফ চি ২৩ অনূৰ্ধ্ব এছিয়ান চেম্পিয়নশ্বিপৰ লগতে ভাৰতীয় মূল দলৰ হৈও বিভিন্ন আন্তঃৰাষ্ট্ৰীয় খেলত অংশ গ্ৰহণ কৰিছে।

Related News