NORTHEAST NOW (Assamese)

এখন চৰকাৰী চিকিৎসালয়তে সহকর্মী নার্ছক মাৰধৰ কৰি ধর্ষণ কৰিলে এগৰাকী চিকিৎসকে

August 31, 2020 4:27 pm · এন ই নাও নিউজ
Updated: August 31, 2020 4:30 pm

চিকিৎসালয়ত কৰ্তব্যৰত অৱস্থাত এগৰাকী চিকিৎসকে নিজৰে এগৰাকী সহকৰ্মী নাৰ্ছক মাৰধৰ কৰাৰ লগতে ধৰ্ষণ কৰাৰ এক গুৰুতুৰ অভিযোগ উঠিছে।

ঘটনাটো ঘটিছে তেলেংগানাত।

ঘটনাৰ বিৱৰণীৰ মতে যোৱা ২৪ আগষ্টত তেলেংগানাৰ ভাদ্ৰাদি কোঠাগুদামৰ চৰকাৰে পৰিচালনা কৰা এখন চিকিৎসালয়ত অস্থায়ীভাৱে কৰ্মৰত এগৰাকী ৩০ বছৰীয়া চিকিৎসকে ২৮ বছৰীয়া এগৰাকী নাৰ্ছক ধৰ্ষণ কৰে।

নাৰ্ছ গৰাকীয়ে চিকিৎসকজনে ধৰ্ষণক কৰাৰ সময়ত তেওঁক বহু মাৰ ধৰো কৰে বুলিও অভিযোগ কৰিছে।

ধৰ্ষণ কৰাৰ পিছত চিকিৎসকজনে ধৰ্ষণ কাণ্ডৰ কথা প্ৰকাশ নকৰিবলৈ ভাবুকি প্ৰদান কৰে নাৰ্ছ গৰাকীক।

আনকি চিকিৎসকজনে ধৰ্ষণৰ কথা নাৰ্ছ গৰাকীয়ে প্ৰকাশ কৰিম বুলি কোৱাত শাৰীৰিকভাৱে প্ৰহাৰ কৰে বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে ভুক্তভোগী নাৰ্ছ গৰাকীয়ে।

নাৰ্ছ গৰাকীয়ে শনিবাৰে চিকিৎসকজনৰ বিৰুদ্ধে ধৰ্ষণ আৰু শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰ অভিযোগ কৰি স্থানীয় আৰক্ষী থানাত গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে উক্ত অভিযোগৰ ভিত্তিত চিকিৎসক গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ আইনৰ অধীনৰ কেবাটাও ধাৰাত গোচৰ ৰুজু কৰি দেওবাৰৰ পৰা তদন্ত আৰম্ভ কৰিছে।

Related News