NORTHEAST NOW (Assamese)

দুষ্ট চক্ৰই ভাইৰেল কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ ভুৱা স্ক্ৰীণ শ্বট : মন্ত্ৰী হিমন্তৰ ক্ষোভ প্ৰকাশ

May 11, 2020 4:32 pm · কল্পজ্যোতি শইকীয়া

সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি ক’ৰ’নাতংকই বিৰাজ কৰি থকাৰ সময়তে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইটৰ এটা স্ক্ৰীণ শ্বটকলৈ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হৈছে।

কোনো দুষ্ট চক্ৰই উলিয়াইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ ভুৱা স্ক্ৰীন শ্বট এটা ভাইৰেল কৰিছে সামাজিক মাধ্যমত।

টুইটৰ ভুৱা স্ক্ৰীণ শ্বটটো

ছ’চিয়েল মেডিয়াযোগে একাংশ দুষ্টলোকে ভাইৰেল কৰাৰ এই স্ক্ৰীণ শ্বটটো মন্ত্ৰী গৰাকীৰ এটা টুইটক বিকৃত কৰি ভুৱা প্ৰচাৰ চলোৱা হৈছে।

ৰাজস্থানৰ পৰা কাছাৰলৈ বাছেৰে অহা ৮ জন লোক একেলগে কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি চলাইছিল প্ৰচাৰ।

প্ৰকৃত টুইটটো

মন্ত্ৰীগৰাকীৰ পূৰ্বৰ এটা টুইটৰ সংখ্যাসমূহ সলাই স্ক্ৰীন শ্বট ভাইৰেল কৰিছে চ’ছিয়েল মেডিয়াত।

ইয়াক লৈ ক্ষোভিত হৈ পৰিছে স্বাস্থ্য মন্ত্ৰীগৰাকী।

অসম আৰক্ষীক শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।

“অসম আৰক্ষীক এখন এজাহাৰ লৈ তদন্ত আৰম্ভ কৰিবলৈ কোৱা হৈছে।” মন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখি কয়।

Related News