NORTHEAST NOW (Assamese)

কোহলী-স্মিথ শ্রেষ্ঠ, তেওঁলোকক অতিক্ৰম কৰাত আচৰিত হৈছো : উইলিয়ামছন

January 1, 2021 12:54 pm · এন ই নাও নিউজ

অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথ আৰু ভাৰতীয় অধিনায়ক বিৰাট কোহলীক অতিক্ৰম কৰি টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থানত অধিষ্ঠিত হোৱাত আশ্বৰ্য প্ৰকাশ কৰিছে নিউজিলেণ্ডৰ অন্যতম সফল অধিনায়ক কেন উইলিয়ামছনে।

পাকিস্তানৰ বিৰুদ্ধে বছৰৰ অন্তিমখন টেষ্টত ১২৯ আৰু ২১ ৰানৰ ইনিংছ খেলাৰ পৰিপ্ৰেক্ষিতত উইলিয়ামছনে ১৩ পইণ্ট লাভ কৰিছিল।

এই ১৩ পইণ্টৰ সহায়ত তেওঁ কোহলী আৰু স্মিথক অতিক্ৰম কৰি টেষ্ট বেটছমেনৰ ৰেংকিঙৰ শীৰ্ষত অধিষ্ঠিত হয়।

আনহাতে ভাৰতৰ বিৰুদ্ধে মেলবৰ্ণ টেষ্টত দুয়োটা ইনিংছতে ব্যৰ্থ হোৱা স্মিথ ৰেংকিঙৰ তৃতীয় স্থানলৈ অৱনমিত হয়।

ইফালে কোহলীয়ে ৮৭৯ পইণ্টেৰে ৰেংকিঙৰ দ্বিতীয় স্থানত আছে।

আই চি চিৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত উইলিয়ামছনে কয়, ‘এই দুয়োজন খেলুৱৈ (বিৰাট কোহলী আৰু ষ্টিভ স্মিথ) মোতকৈ শ্ৰেষ্ঠ। তেওঁলোকৰ দৰে খেলুৱৈক অতিক্ৰম কৰি আগবাঢ়ি যোৱাটো আশ্বৰ্যজনক আৰু আনন্দিতও’।

তেওঁ লগতে কয়, ‘এই দুয়োজন ক্ৰিকেটাৰ, যিয়ে বছৰ ধৰি সকলো ফৰ্মেটতে খেলক আগুৱাই নিছে। তেওঁলোকৰ বিৰুদ্ধে খেলিবলৈ পাই মই বহুত ভাগ্যবান’।

Related News