অনুৰাগীৰ মৰমত উপচিল বিৰাট: সামাজিক মাধ্যমত ২০০ মিলিয়ন অনুৰাগীৰ সীমা অতিক্ৰম
বিৰাট কোহলী। নামেই যেন সকলো। সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ তাৰকা কোহলী সমানে বিশ্বৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় ক্ৰিকেটাৰো। খেলপথাৰৰ বাহিৰে ভিতৰে নিজৰ প্ৰদৰ্শন আৰু ষ্টাইলৰ বাবে অনুৰাগীৰ হেঁপাহৰ হৈ পৰে এই তাৰকা গৰাকী। ক্ৰিকেট ফিল্ডত বেট হাতত লৈ চমক সৃষ্টি কৰা কোহলীয়ে এইবাৰ ডিজিটেল মাধ্যমতো লগাইছে চমক।
মঙলবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত ২০০ মিলিয়ন অনুৰাগীৰ সংখ্যা অতিক্ৰম কৰে কোহলীয়ে। এইদৰে সামাজিক মাধ্যমত ২০০ মিলিয়ন অনুৰাগীৰ সংখ্যা স্পৰ্শ কৰা প্ৰথম ভাৰতীয় তথা এছিয়ান হিচাপে পৰিগণিত হৈছে কোহলী।
কেৱল সেয়াই নহয়, বিশ্বৰ ভিতৰতে ২০০ মিলিয়ন ছ’চিয়েল মিডিয়া অনুৰাগী থকা কেৱল মাত্ৰ তৃতীয়গৰাকী খেলুৱৈ হিচাপেও পৰিণত হয় কোহলী। এই ক্ষেত্ৰত কেৱল ক্ৰিষ্টিয়ানো ৰোনাল্ডো (৪৫০ মিলিয়ন) আৰু লিঅ’নেল মেছিহে (৩৩৩ মিলিয়ন) কোহলীতকৈ আগত আছে।
সামাদিক মাধ্যমত ২০০ মিলিয়ন অনুৰাগীৰ সংখ্যা স্পৰ্শ কৰাৰ লগে লগে কোহলীয়ে তেওঁৰ অনুৰাগী সকলক ধন্যবাদ জনায়। এটা ইনষ্টাগ্ৰাম পোষ্টত কোহলীয়ে কয়, “২০০ মিলিয়নেৰে শক্তিশালী। আপোনালোকৰ এই সমৰ্থনৰ বাবে ধন্যবাদ।”
উল্লেখ্য যে শেহতীয়াকৈ কোহলী নাই নিজৰ স্বাভাৱিক ফৰ্মত। ৰান মেচিন খ্যাত কোহলীয়ে বিগত দুটা বছৰত স্বভাৱসিদ্ধ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈছে। ক্ৰিকেট জগতত ‘আনষ্টপেবল ৰান মেচিন’ আখ্যা পোৱা কোহলীৰ নামত বিগত দুটা বৰ্ষত নাই এটাও শতক।
ইতিমধ্যে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ভাৰতীয় দলৰ অধিনায়ক পদৰ আঁতৰি আহিছে কোহলী। ত্যাগ কৰিছে আই পি এলৰ ফ্ৰেঞ্চাইজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ অধিনায়ক পদো। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত শেহতীয়া ব্যৰ্থতাৰ সমসাময়িকভাৱে ব্যৰ্থ হৈছে আই পি এলতো।
কিন্তু এই ব্যৰ্থতাৰ প্ৰতি তাৰকাগৰাকীৰ প্ৰতি কমা নাই অনুৰাগীৰ মৰম। আৰু এই মৰমৰে বাহ্যিক প্ৰতিফলন এই ২০০ মিলিয়ন সামাজিক মাধ্যমৰ অনুৰাগী। এই মৰমৰ প্ৰতি সঁহাৰি জনাই নিজৰ স্বাভাৱিক ফৰ্মলৈ ঘূৰি আহক কোহলী, এয়াই এতিয়া প্ৰতিজন অনুৰাগীৰে আশা।